No products in the cart.
ਨਵੰਬਰ 21 – প্ৰৰ্থমে ভিতৰুৱা পৰিস্কাৰ কৰক!
“… আপোনালোকে আগেয়ে বাটি-কাঁহীৰ ভিতৰফাল পৰিষ্কাৰ কৰক,”( মথী ২৩:২৬)।
যেতিয়া আপুনি আপোনাৰ কাৰ্য্য ব্যৱস্থিত হিচাপে কৰে, তেতিয়া প্ৰভু নিজৰ অংশ কৰিবলৈ আনন্দিত হব আৰু আপোনাক আৰু আপোনাৰ প্ৰচেষ্টা আশীর্বাদ দিব। সৰ্বপ্ৰথম আৰু সকলোতকৈ মহূৰ্তপূৰ্ন, প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব। আৰু লগতে আপোনাক আপোনাৰ হৃদয় পৰিস্কাৰ কৰিব লাগিব।
হব পাৰে আপুনি আঠু কাঢ়ি প্ৰাৰ্থনা দ্বাৰা যাওয়া আৰু অনুৰোধ কৰি আছে চাগে। কিন্তু যদি আমাৰ ভিতৰত পৰিস্কাৰ নায় , তেতিয়া যিহোৱা তোমাৰ প্ৰাৰ্থনা শুনি কেনেকৈ আনন্দিত হবার। পবিত্র শাস্ত্ৰ আমাক কয় যে :”কিন্তু তোমালোকৰ অপৰাধবোৰেই তোমালোকৰ ঈশ্বৰৰ পৰা তোমালোকক বিচ্ছেদ কৰিছে,আৰু তোমালোকৰ পাপবোৰেই তোমালোকৰ পৰা তেওঁৰ মুখ ঢাকিছে, সেই বাবে তেওঁ নুশুনে।” ( যিচয়া ৫৯:২)। সেই বাবে, প্ৰাৰ্থনাত আঠুকঢ়া আগেয়ে, নিজৰ পাপকে আতৰ কৰক আৰু শুচি হয় যোৱক।
আপোনাৰ ভিতৰুৱা ভাগ যীশু খ্রীষ্টৰ তেজৰ দ্বাৰা পৰিস্কাৰ হব লাগে। কেৱল সেয়া প্ৰাৰ্থনা যি শুদ্ধ হৃদয়েৰে উৎপন্ন হয়, ঈশ্বৰৰ দৃষ্টিত গ্ৰহণযোগ্য হব। কিন্তু যি প্ৰাৰ্থনা পাপ আৰু অৰ্ধমৰ সৈতে কৰা হয়, সেয়া যিহোৱাৰ বাবে ঘৃনিত হব।
ভাবক আপুনি গাখীৰ লবলৈ নিজৰ সৈতে পাত্ৰ লয় যায়। কিন্তু যদি সেই পাত্ৰ লেতেৰা হয় থাকে তেন্তে কোনোও তাত গাখীৰ নেডালে । পৰিস্কাৰ কৰা পিছত তাত গাখীৰ ঢালি দিয়াৰ পৰিস্থিতি হব। এই দৰে, পবিত্র আত্মাৰ অবিশেষ প্ৰাপ্ত কৰাৰ আগেয়ে আপোনাক আন্তৰিক কঠোৰতা , আপোনাৰ হৃদয় আৰু আপোনাৰ আত্মা শুচি কৰিব লাগে।
আপোনাক সেই সকলোলৈকে পঠাব লাগিব যাক আপোনাক ক্ষমা বিচৰাৰ আৱশ্যকতা আছে। আপোনাক যি কিছু উভটাব লাগে। আৰু তুমি তোমাৰ সকলো পাপ আৰু পাপী স্বভাৱ বোৰক পৰমেশ্বৰৰ ওচৰত চকুলো সৈতে অংগীকাৰ কৰিবা। আপোনাক আপোনাৰ সম্বন্ধীয় লোক সকলৰ মাজত গ্ৰহন কৰিব লাগে আৰু তেওঁ লোকৰ সৈতে সম্বন্ধ কৰিব লাগে। এবাৰ যেতিয়া আপুনি এনেকুৱা কৰি লব, তেতিয়া পৰমেশ্বৰ আপোনাক তেওঁৰ বহুমূল্য তেজেৰে ধুই দিব আৰু আপোনাক আন্তৰিক অস্তিত্বক শুচি কৰিব। আৰু তেওঁ আপোনাক পবিত্র আত্মাৰ শক্তি প্ৰদান কৰিবলৈ উৎসাহিত কৰিব।
আজি বেছিভাগ লোক নিজকে বাহিৰৰ পৰা পৰিস্কাৰ ৰাখিব বিচাৰে। তেওঁ লোকে নিজৰ মুখমন্ডল ধুয়ে, নিজৰ দাত চফা কৰে, চাবুনেৰে ধুই আহে আৰু টেলকম পাওদাৰ প্ৰয়োগ কৰে। কিন্তু তেওঁ লোকৰ হৃদয় পাপ কঠিন আৰু কঠোৰতাৰে পৰিপূৰ্ণ হয় আছে। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপুনি আপোনাৰ আন্তৰিক জীবনত আৰু নিজৰ আধ্যাত্মিক জীবনত শুচি আৰু পবিত্র পোৱা যাওক। আৰু বাহিৰৰ অলংকাৰেৰে একো লাভ নহব।
মন কৰিবলগীয়া:” কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে। (১ যোহন ১:৯)।