No products in the cart.
অক্টোবর 27 – সকলোতে!
“…এনে কাল আহিছে যেতিয়া তোমালোকে পিতৃ ঈশ্বৰৰ ভজনা এই পর্বতত নাইবা যিৰূচালেমত নকৰিবা।” ( যোহন ৪:২১)।
এয়া আমাৰ কাল হয় যত পৰমেশ্বৰৰ উপাসনা যিকোনো ভাৱে কৰিব পাৰি। পুৰনি নিয়মত, আৰাধনা বাবে বিশেষ স্থান আছিল। কিছু ইস্ৰায়েলী চামৰী পৰ্বতত পৰমেশ্বৰৰ উপাসনা কৰিলে। এয়া তেওঁৰ আৰাধনা স্থল আছিল। নতুন নিয়মত আহি, পৰমেশ্বৰে আৰাধনা স্থলক জোৰ নিদিলে। তেওঁ যি বিষয়ক বেছিকৈ জোৰ দিছিল সেয়া আছিল পৰমেশ্বৰৰ স্তুতি কেনেকৈ কৰিব লাগে। প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে? আপোনাক পৰমেশ্বৰৰ আৰাধনা আত্মা, সত্যতা আৰু পূৰ্ণ হৃদয়েৰে আৰু বিবেকেৰে কৰিব লাগে। এয়া সকলোতকৈ মহূৰ্তপূৰ্ন কথা হয়।
পুৰনি নিয়মৰ দিনত, ঈস্ৰায়েলী মন্দিৰক মহত্ব দিছিল। তেওঁ লোকে যিৰুচালেনৰ মন্দিৰক এটি মুৰ্তিত পৰিবৰ্তন কৰি দিলে আৰু এই দৰে পৰমেশ্বৰক ত্যাগ কৰি দিলে। পৰিনানস্বৰূপ, পৰমেশ্বৰক ইয়াৰ বিনাশৰ অনুমতি দিব লগা হল।
আমাৰ পৰমেশ্বৰ হাতেৰে নিৰ্মিত মন্দিৰত নাথাকে। পবিত্র শাস্ত্ৰ কয়, “আপোনালোক যে ঈশ্বৰৰ মন্দিৰ, আৰু ঈশ্বৰৰ আত্মা যে আপোনালোকত নিবাস কৰে, ইয়াক আপোনালোকে নাজানে নে?” ( ১ কৰন্থীয়া ৩:১৬)।
আপুনি ঈস্বৰৰ মন্দিৰ ৰ ৰূপে থাকে। আপোনাৰ যি প্ৰাৰ্থনা ওলায় সেয়া সত্যতা আৰু আত্মাৰে হব লাগে। পৰমেশ্বৰে আপোনাক যিকোনো ৰাতিৰ তেওঁৰ আৰাধনা কৰিবলৈ স্বাধীনতা দিছে। পাঁচনি পৌলে কয়, ” মোৰ ইচ্ছা এয়ে যে, সকলো ঠাইতে পুৰুষ সকলে ক্ৰোধ আৰু বাদ-বিবাদৰ মনোভাৱ নাৰাখি পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক৷”(১ তিমথীয় ২:৮)। শব্দ ‘ সকলো ঠাইৰ’ বিষয়ে ভাবক। বাস্তৱতে পৰমেশ্বৰৰ বাক্য ‘ সকলো ঠাইতে আহিব কেনেকৈ পূৰ্ণ হৈছে!
অতি ৰাতিপুৱা প্ৰায় আন্ধাৰ হৈ থাকোতেই তেওঁ উঠি, বাহিৰলৈ ওলাই গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল”( মাৰ্ক ১:৩৫)।কিন্তু যীচুৱে প্রায়ে আতৰি গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল। ( লুক ৫:১৬)। সেই সময়তে যীচুৱে এবাৰ প্ৰাৰ্থনা কৰিবৰ কাৰণে পৰ্বতৰ ওপৰলৈ গ’ল। ওৰে ৰাতি তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিল।( লুক ৬:১২)।তেও গেৎচিমানীত বাগিচাত গয় গভীৰতাৰে প্ৰাৰ্থনা কৰিলে। ( লুক ২২:৪৪)।
ঈস্বৰৰ ইচ্ছা হয় যে আপুনি প্ৰাৰ্থনা কৰক। তেওঁ আপোনাক আত্মা আৰু সত্যতাৰে প্ৰাৰ্থনা কৰাৰ অপেক্ষা কৰে। কিছু লোক মুৰ দোহাই প্ৰাৰ্থনা কৰে ( যাত্ৰা পুস্তক ১২:২৭)। কিছু লোক হাত তুলি প্ৰাৰ্থনা কৰে ( লেবিয়া ব্যবস্থা ৯:২২, লুক ২৪:৫০)। কিছু অন্য লোক স্বৰ্গৰ ফালে চাই আৰু প্ৰাৰ্থনা কৰে ( গীতমালা ২৫:১৫, পাঁচনি কৰ্ম ৭:৫৫)। কিছু লোক মুখমন্ডল তলত পেলাই প্ৰাৰ্থনা কৰে ( আদিপুস্তক ১৭:৩, লুক ১৭:১৬)।
পৰমেশ্বৰৰ মৰমিয়াল সন্তান। আপুনি কত প্ৰাৰ্থনা কৰে আৰু কি পৰিস্থিতিত প্ৰাৰ্থনা কৰে এয়া মহূৰ্তপূৰ্ন নহয়। কিন্তু, যি আৱশ্যক হয় সেয়া এয়া হয় আপোনাক আত্মা, সত্যতা আৰু বিস্বাস আৰু শুদ্ধ হৃদয়েৰে প্ৰাৰ্থনা কৰিব লাগে।
মন কৰিবলগীয়া:”মোৰ প্ৰথম নিবেদন এই যে, সকলোবোৰ মানুহৰ কাৰণে অনুৰোধ, প্ৰাৰ্থনা, নিবেদন আৰু ধন্যবাদ কৰা হওক৷” (১ তিমথীয় ২:১)।