Appam - Assamese

অক্টোবর 26 – তেওঁ সহ্য কৰিব, লয় যাব আৰু উদ্ধাৰ কৰিব!

” ময়েই তোমালোকক পোহপাল দিম; মই তোমালোকক সুৰক্ষিত স্হানলৈ লৈ যাম।( যিচয়া ৪৬:৪)।

পৰমেশ্বৰ আপোনাক এগৰাকী মাতৃৰ দৰে ধাৰণ কৰে। তেওঁ আপোনাক এজন পিতৃৰ দৰে ৰাখে। এজন ভাইটি দৰে, তেওঁ আপোনাৰ সৈতে থাকে আৰু আপোনাক ৰক্ষা কৰে। এয়াই কাৰন হয় যে তেওঁ প্ৰতিঞ্জা কৰে, ‘যিজনাই তোমাক নিৰ্ম্মাণ কৰিলে, আৰু তোমাক গৰ্ভত গঠন কৰিলে, যিজনাই তোমাক সহায় কৰিব,সেই যিহোৱাই এই কথা কৈছে, “হে মোৰ দাস যাকোব, আৰু মই মনোনীত কৰা যিচুৰূণa, ভয় নকৰিবা।” ( যিচয়া ৪৪:২)।

পৰমেশ্বৰ কয়, “গৰ্ভৰ পৰা আৰু জন্মৰ আগৰে পৰা যিসকলক মই কঢ়িয়াই আনিছো: সেই যাকোবৰ বংশ আৰু ইস্ৰায়েলৰ বংশৰ অৱশিষ্ট লোকসকল, মোৰ কথা শুনা। আনকি তোমালোকৰ বৃদ্ধ অৱস্থালৈকে মইয়ে সেই জন, আৰু চুলি নপকা প্রয্যন্ত ময়েই তোমালোকক কঢ়িয়াম; ময়েই তোমালোকক সৃষ্টি কৰিলোঁ, আৰু ময়েই তোমালোকক পোহপাল দিম; মই তোমালোকক সুৰক্ষিত স্হানলৈ লৈ যাম। ( যিচয়া ৪৬:৩, ৪)।

মই ইয়াত এজন কলাকৃতি কৰা দ্বাৰা তোলা চবিৰ বিষয়ে বৰ্ণনা কৰিব বিচাৰো। চিত্ৰত এটি মাটিৰ পথ এজন সাধুৰ প্ৰতীক হয়। সেই সাধুৰ জীবনত আৰম্ভনিৰ সেই দিনৰ পৰা যিবোৰ ঘটনা ঘটিল, সেই বোৰ সেই চিত্ৰত কালানুক্রমিক ৰূপে অংকিত আছিল। গোটেই বাটত, দুজন ব্যক্তিৰ ভৰিৰ চিহ্ন এয়া দেখুৱাই আছিল যে সাধু আৰু ঈস্বৰৰ জীবনত একেলগে পৰিচালনা হৈছিল।

সেয়া সাধু যি সেই চবি চায় আছিল, এয়া চায় অবাক হয় গল যে তেওঁৰ জীবনত এটি ভয়াবহ  পৰিস্থিতিৰ পাৰ হবলৈ লগা হোৱাত কেৱল এজনৰ ভৰিৰ চাপ দেখা গল। চকুলো  সৈতে তেওঁ কলে, ” হে পৰমেশ্বৰ মই যেতিয়া এটি ভয়াবহ পৰিস্থিতি পাৰ হৈছিলো তেতিয়া আপুনি তাতে কিয় নাছিল। সেই সময়ত তুমি মোক নিৰাশ কিয় কৰিলা। ” ঈশ্বৰে উত্তৰ দিলে, ” কিয়নো বিপদৰ সময়ত মই তোমাক বাহুত  তুলি ললো তাত তুমি তোমাৰ ভৰিৰ চাপ নোপোৱা। আপুনি যি চায় আছে সেয়া মোৰ ভৰিৰ চাপ হয় আৰু আপুনি মোৰ বাহুত সুৰক্ষিত বহি আছে। ”

এনেকুৱা উদাহৰন হয় যত পৰমেশ্বৰ আপোনাৰ পথ প্ৰদৰ্শন কৰে। যেতিয়া পৰমেশ্বৰ ঈস্ৰায়েলৰ সন্তানক  জংঘলত  লয় গল, তেতিয়া তেওঁ লোকক ৪০ বছৰ লৈকে লয় গল, যেনে চৰায়ে নিজৰ সন্তানক নিজৰ ডেউকাত তুলি লয়ছে  । আজিও তেওঁ আপোনাক পৰম প্ৰধানৰ আশীর্বাদ দিবলৈ আপোনাক লয় যাবলৈ একে ৰূপে হয় আছে।

হেৰুৱা মেৰ পোৱাত ৰখীয়াই  কি কৰিলে? তেওঁ তাক খোজকাঢ়িব  নিদিলে যাতে তেওঁ পুনৰ নিজৰ বাট হেৰুৱাই নিদিয়ে। ইয়াৰ বাদে, তেওঁ তেওঁৰ প্ৰতি নিজৰ প্ৰেম দেখুৱাবলৈ তাক নিজৰ বাহুত তুলি ললে। যেতিয়া তেওঁ তেওঁক এই ধৰনে তুলিব, তেতিয়া তেওঁৰ মুখ মেৰৰ কানৰ  ওচৰত থাকিব। ৰখীয়াৰ দৃষ্টি মেৰৰ ওপৰত ৰাখিব। ৰখীয়া আৰু মেৰৰ মাজত এটি গভীৰ সম্বন্ধ স্থাপন হব। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, পৰ দি থকা যাতে ঈস্বৰ আপোনাক লয় যাবলৈ এটি ৰূপে থাকে আৰু তাৰ বাবে তেওঁ তেওঁৰ স্তুতি কৰে।

মন কৰিবলগীয়া:”বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাসকলক স্নেহ কৰে;” ( গীতমালা ১০৩:১৩)।

Leave A Comment

Your Comment
All comments are held for moderation.