No products in the cart.
অক্টোবর 24 – যদি প্ৰভু আমাৰ সৈতে থাকে!
“…কিন্তু হে মোৰ প্ৰভু, যিহোৱা যদি আমাৰ লগত আছে, তেনেহ’লে কিয় আমালৈ এইবোৰ ঘটিল? ( বিচাৰকৰ্তা ৬:১৩)।
শাস্ত্ৰত, ‘ইফ’ শব্দ কেবাটাও উদাহৰনত প্ৰকাশ হয়। এয়া কিছু বিষয়তে উপদেশৰ তত্ব ইংগিত কৰে, কিছুত সাৱধানী আৰু কিছুত প্ৰতসাহিত দিয়ে।
আমি পবিত্র শাস্ত্ৰত পঢ়ো , ” যদি ঈশ্বৰ আমাৰ সপক্ষ হয়,..( ৰোমীয়া ৮:৩১)।”যিহোৱাই যদি আমাত সন্তোষ পায়,..( গননাপুস্তক ১৪:৮)। “যিহোৱা যদি আমাৰ লগত আছে,..( বিচাৰকৰ্তা ৬:১৩)। পাঁচনি পৌলে ‘ যদি পৰমেস্বৰ আমাৰ বাবে হয়, লিখা পিছত ভাবিব লগা হয় আৰু এয়া কি অদ্ভুত আশীর্বাদ হয়! যদি ঈস্বৰ আমাৰ সৈতে আছে তেন্তে আমাৰ শত্ৰু কোন হব পাৰে?
ৰজা দায়ুদে, যিয়ে ভাবিলে, যদি প্ৰভু আমাৰ সৈতে আছে, তেতিয়া এয়া কোৱা চলিত থাকিব লাগে, ” মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সজ্জিত হৈ আছে,কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ।( গীতমালা ৩:৬)।
হবক্কুষৰ এয়া ভাবিলে, ‘ যদিও ডিমৰু গছত কলি হোৱা নাই, আৰু তাত দ্ৰাক্ষালতাৰ পৰা গুটি উৎপন্ন হোৱা নাই, যদিও জিত গছৰ উৎপন্নই হতাশ কৰিছে, আৰু পথাৰবোৰত শস্য উৎপন্ন হোৱা নাই, যদিও গঁৰালৰ পৰা মেৰ-ছাগৰ জাকক উচ্ছন্ন কৰা হৈছে, আৰু গোহালিত এটাও গৰু নাই, তথাপিও মই যিহোৱাত আনন্দ কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰত মই উল্লাস কৰিম।( হবক্কুষ ৩: ১৭,১৮)। গিদনে এনেকৈ ভাবিলে আৰু এইদৰে কলে,”…কিন্তু হে মোৰ প্ৰভু, যিহোৱা যদি আমাৰ লগত আছে, তেনেহ’লে কিয় আমালৈ এইবোৰ ঘটিল ( বিচাৰকৰ্তা ৬:১৩)।
পৰমেস্বৰে কয়, চোৱা, মই তোমাৰ লগত আছোঁ; তুমি যি যি ঠাইলৈ যাবা, মই তোমাক ৰক্ষা কৰিম আৰু পুনৰায় মই তোমাক এই দেশলৈ ওলোটাই আনিম; কিয়নো মই তোমাক কোৱা সকলো কথাকে সিদ্ধ নকৰোঁমানে, মই তোমাক ত্যাগ নকৰিম।”( আদিপুস্তক ২৮:১৫)। পৰমেস্বৰে এয়াও কলে, ” তেতিয়া যিহোৱাই উত্তৰ দিলে, “মই স্বয়ং তোমাৰ লগত যাম, আৰু মই তোমাক বিশ্ৰাম দিম।” ( যাত্ৰা পুস্তক ৩৩:১৪)।
” যুদ্ধ কৰিবলৈ যাওঁতে শত্রু পক্ষত আপোনালোকতকৈ অধিক সংখ্যাৰ ঘোঁৰা, ৰথ আৰু সেনাদল দেখি আপোনালোকে ভয় নকৰিব; কিয়নো, আপোনালোকৰ ঈশ্বৰ যিহোৱা, যি জনে মিচৰ দেশৰ পৰা আপোনালোকক বাহিৰ কৰি আনিছে, তেওঁ আপোনালোকৰ লগত আছে।( দ্বিতীয় বিৱৰন ২০:১)। “তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব।( যিচয়া ৪৩:২)।
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, পৰমেশ্বৰ সদায় তোমাৰ সৈতে আছে। আপুনি যতে যায়, তেওঁ আপোনাৰ পিছত থাকে। কেতিয়াও নাপাহৰিবা যে নিজৰ প্ৰতিঞ্জা সৈতে বিস্বাসত তেওঁৰ স্তুতি কৰক, যত তেওঁ কলে যে তেওঁ আপোনাৰ সৈতে থাকিব।
মন কৰিবলগীয়া:” মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।( মথী ২৮:২০)।