Appam - Assamese

অক্টোবর 20 – অভ্যাস আৰু প্ৰথা!

“…আমি নগৰৰ দুৱাৰৰ বাহিৰেদি নদীৰ কাষলৈ গলো; ভাৱিছিলো, তাত নিশ্চয় প্ৰাৰ্থনা কৰিবৰ বাবে ঠাই আছে৷ তাতে যি মহিলা সকল আহি একেলগে মিলিত হৈছিল, পাছত আমি তেওঁলোকৰ কাষত বহি কথা কবলৈ ধৰিলো (পাঁচনিকৰ্ম ১৬:১৩)।

পাঁচনি পৌলৰ বাবে নিয়মিত ৰূপে প্ৰাৰ্থনা কৰিবলৈ নৈৰ কাষত এটি স্থানত আছিল। কিছু লোক দৌৰ মাৰি সেই ঠাই আহিল। তেওঁ লোক তেওঁৰ ওচৰত নিজৰ সমস্যাৰ সমাধান বিচাৰি আৰু দুখৰ পৰিস্থিতিত সান্ত্বনা পাবলৈ আহিছিল। সেই বাবে, পাঁচনি পৌল কেৱল প্ৰাৰ্থনা বাবে প্ৰচাৰৰ বাবে সেই স্থানৰ প্ৰয়োগ কৰিলে।

যীশু খ্রীষ্ট বাবে সপ্তম দিন আৰাধনালয়ত যোৱাৰ প্ৰথা আছিল ( লুক ৪:১৬)। তেওঁ নিয়মিত ৰূপে জীত পৰ্বতত প্ৰাৰ্থনা কৰিবলৈ গৈছিল। ( লুক ২২:৩৯)। তেওঁ নিয়মিত ৰূপে লোকৰ ভাল কৰা আৰু ৰোগক সুস্থ কৰি আছিল ( পাঁচনিকৰ্ম ১০:৩৮)।

যিকোনো গতিবিধি অভ্যাস বা পৰম্পৰাৰ আধাৰ স্বয়ং ব্যক্তি হয়। যেতিয়া কিবা বস্তুৰ অভ্যাস হয় যায়, তেতিয়া ই স্বাভাবিক ৰূপে এটি প্ৰথা হয় যায়। কিছু লোক জানি বুজি পাপ কৰাত লিপ্ত হয় আৰু শেষত দুখী হয় আৰু কয় অজানিতে পাপ কৰা তেওঁৰ বাবে পৰম্পৰা হয় গল।

আমাৰ দেশত, আমি বহুতো বেয়া অভ্যাস দেখা পাও  যে যেনেকৈ মদৰ সেৱন, বহুত অধিক ঋণ লোৱা, অন্যৰ  দোষ বিচৰা, চুৰ  কৰা, শুনা, মিচা কোৱা আদি। এই অভ্যাস আমাকে যিকোনো বেয়া পৰিস্থিতি ফালে লয় যায়।

সেই বাবে আপোনাক ভাল অভ্যাস বিকাশিত কৰিব লাগে। পোৱা সোনকালে উঠা আৰু গীত গোৱা আৰু পৰমেস্বৰৰ স্তুতি কৰা ভাল অভ্যাস হয়। যদি আপুনি ইয়াক অভ্যাস বনায় লয় তেন্তে আহিবলগীয়া সময়ত  এটি পৰম্পৰা হয় যাব আৰু আপুনি যত যাব আৰু যত থাকিব আপুনি ইয়াক কৰিব। এই প্ৰথা আপোনাক পবিত্রতাৰ পথত পথ প্ৰদৰ্থক কৰিব। কিছু লোককে নিজৰ পৰম্পৰা ৰূপে পবিত্র শাস্ত্ৰ পাঠ কৰা অভ্যাস হব। এয়া কিমান ভাল পৰম্পৰা হয়।

দেওবৰীয়া সেৱাত ভাগ লোৱা আপোনাৰ এটি পৰম্পৰা হয়। পৰমেস্বৰক দশম ভাগ দিয়া নিজৰ প্ৰথা হয়। যদি আপুনি কম বয়সতে এই বোৰক নিজৰ অভ্যাস বনায় লয় তেন্তে আপুনি অনন্ত কালত সকলোতকৈ প্ৰথম দৃষ্টি পৰিব।

চয়তান লোকক বেয়া অভ্যাস সিচি  আছে। পাঁচনি পৌলে লিখিছে, “…. আপোনালোকে জীৱন-যাপন কৰি জগতৰ নিয়ম অনুসাৰে চলি আছিল। আপোনালোকে আকাশৰ মন্দ শক্তিৰ অধিকাৰীৰ অনুসৰণকাৰী হৈ, অবাধ্যতাৰ সন্তান সকলৰ জীৱনত কার্য কৰি থকা অশুচি আত্মাৰ দৰে চলি আছিল।(ইফিচিয়া ২:২)। পৰমেস্বৰৰ মৰমিয়াল সন্তান, আপুনি ভাল অভ্যাস পালন কৰক আৰু বিজয়ী থাকক!

মন কৰিবলগীয়া:”তেওঁ আমাক খ্রীষ্ট যীচুৰ সৈতে তুলিলে আৰু খ্রীষ্ট যীচুৰ সৈতে স্বর্গীয় ঠাইবোৰত বহুৱালে।”( ইফিচিয়া ২:৬)।

Leave A Comment

Your Comment
All comments are held for moderation.