No products in the cart.
অক্টোবর 19 – এটি সন্ধি আৰু পুনৰুদ্ধাৰ!
“…. পাঁচনি সকল এঠাইত একেলগে গোট খাই আছিল।( পাঁচনি কৰ্ম ২:১)।
আৰাম্ভনিৰ পাঁচনি কৰ্ম দিন সেই দিন আছিল যত এজন মহান পুনৰুত্থান হৈছিল, যি দিনত পবিত্র আত্মাৰ অবিশেষ কৰা হৈছিল, যি দিনত আত্মাৰ খেতি বহুতো আগ্ৰহৰে কৰা হৈছিল।ইয়াৰ কাৰন এয়া হয় যে তেওঁ লোকৰ মাজত মহান একতা আছিল। পবিত্র শাস্ত্ৰ কয় পিতৰে যেতিয়া প্ৰচাৰ কৰিলে তেতিয়া ৩০০০ প্ৰানক ৰক্ষা কৰিলে।
আপুনি সেই ডাঙৰ খেতিৰ পিছৰ ৰহস্য জানেনে? পবিত্র শাস্ত্ৰ কয়, ” তেতিয়া পিতৰে এঘাৰ জন পাঁচনিৰে সৈতে থিয় হৈ …( পাঁচনিকৰ্ম ২:১৪) । হয়। ৰহস্য এয়া হয় যে তেওঁৰ সৈতে ১১ জন ৰত্ন আছিল। পিতৰ এজন ব্যক্তি আছিল যি উপদেশ দিয়া জন আছিল, কিন্তু ১১ জন ব্যক্তি তেওঁৰ ওচৰত ঠিয় আছিল যাতে প্ৰাৰ্থনা সৈতে একতা বজায় ৰাখে। এয়াই সেয়া হয় যি আত্মাৰ বিজয় প্ৰাপ্ত কৰাত সহায় কৰিলে।
পুনৰুত্থান আজি আমাৰ মাজত কিয় নায়লা? আত্মাৰ খেতি আমাৰ অপেক্ষাত অনুৰূপ কিয় নহয়? যুদ্ধৰ পথাৰত আমাক অসফলতাৰ সন্মূখীন কিয় হব লগা হয় ? পৰমেস্বৰৰ সেৱক সকলৰ সৈতে এক হয় কাৰ্য্য কৰাত অসামৰ্থ কিয় হয়? কাৰন কেৱল প্ৰেমৰ অভাব হয়, ভাতৃত্ব প্ৰেমৰ অভাব আৰু একতা নথকা হয়। প্ৰেম আৰু শান্তিৰ অভাৱত পুনৰুত্থানক হবলৈ বাধা দিয়ে। আপুনি পৰমেস্বৰৰ ফালে দৃষ্টি কৰিব নে ? স্বৰ্গৰ স্বৰ্গদুতৰ একতাৰ বিষয়ে ভাবক।
মনুষ্যক নিজে সৃষ্টি কৰাৰ সময়ত পৰমেস্বৰ সকলোৰে সৈতে একগোট হয় গল, ” আমি নিজৰ প্ৰতিমুৰ্ত্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্ম্মাণ কৰোঁহক; । ” সেই ক্ষনতে স্বৰ্গত একতা ভাব আহি গল। প্ৰভুক প্ৰাৰ্থনা কৰি কয়, ” যীশুৱে কলে, “… সকলোৱেই যেন এক হব পাৰোঁ, ” ( যোহন ১৭:২২)। হয়। স্বৰ্গৰ সকলো একে সৈতে আৰু একতাৰ লগত হয়। আপোনাক আশীর্বাদ দিবলৈ, প্ৰভুৰ প্ৰাৰ্থনা কয়, “তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক। ( মথী ৬:১০)।
সংগীত কাৰ্য্যক্ৰমত অনেক যন্ত্ৰৰ প্ৰয়োগ কৰা হয়। কিন্তু, কনচাৰ্ট কন্ডেকটৰ সংগীতক জড়িত কৰে আৰু বিভিন্ন বাদ্যযন্ত্র বজোৱা সংগীতত আনে আৰু মধুৰ গীতৰ ৰচনা কৰে। মিশ্ৰিত সংগীত আমাৰ হৃদয়ক আকৰ্ষিত কৰে ; আমাক আনন্দিত কৰে। এই কৰে যদিও শৰীৰত কেবাটাও অংগ থাকে তেন্তে এই সকলোকে কাৰ্য্য একেলগে কৰিব লাগে।
পৰমেস্বৰৰ মৰমিয়াল সন্তান, আপুনি পৰমেস্বৰৰ বাবে মহান কাৰ্য্য তেতিয়া কৰিব পাৰে, যেতিয়া আপুনি পৰমেস্বৰৰ সন্তানক একে সৈতে সংযোগ কৰি ৰাখে। সদায় একতা ৰক্ষা কৰক। ভেদভাবক কেতিয়াও ঠাই নিদিব। সদায় একতাত দৃঢ় হয় থাকক।
মন কৰিবলগীয়া :”…বিষয় ভাবি, এক প্ৰেমৰ, এক মনৰ আৰু এক ভাবৰ লোক হৈ মোৰ আনন্দ পৰিপূৰ্ণ কৰক৷” ( ফিলিপিয়া ২:২)।