No products in the cart.
অক্টোবর 09 – নম্ৰতা আৰু আশীর্বাদ!
“তোমালোকক যি শিলৰ পৰা কটা আৰু যি গাতৰ পৰা খন্দা হৈছিল, তালৈ দৃষ্টি কৰা ( যিচয়া ৫১:১)।
যেতিয়া পৰমেশ্বৰে আদম আৰু হাৱাক নিৰ্মাণ কৰিবলৈ ভাবিলে, তেতিয়া তেওঁ এই উদ্দেশ্যৰ বাবে সোণ বা হীৰাৰ প্ৰয়োগ কৰা নায় কিন্তু কেৱল মাটিৰ প্ৰয়োগ কৰিলে। পবিত্র শাস্ত্ৰ কয়, ” যি গাতৰ পৰা খন্দা হৈছিল, তালৈ দৃষ্টি কৰা।”
গাৱত বহুতো লোক নিজৰ গৃহ নিৰ্মাণ কৰিবলৈ মাটিৰ প্ৰয়োগ কৰে। লোকসকল ওচৰতে মাটি খান্দি ইটা বনায়। তেওঁ লোকে ওৱাল উঠায় আৰু সেই মাটিৰে প্লাষ্টাৰ কৰে। তেওঁ দুৱাৰ খিড়কী ঠিয় কৰি আগ বাঢ়ে আৰু তেওঁৰ দ্বাৰা নিৰ্মাণ কৰা গৃহত গৰ্ভ কৰে। কিন্তু গাতৰ বিষয়ে কোনো নাভাৱে , যি গৃহ নির্মাণ কৰিবলৈ প্ৰমুখ সাধন হয়।
সেই দৰে, বহুতো লোক পৰমেশ্বৰৰ স্তুতি বা খোজ নকৰে, যি তেওঁ লোকক শিক্ষা আৰু উচ্চ স্থিতিৰ আশীর্বাদ দি তেওঁ লোকক উচ্চ কৰিলে। তেওঁ গৰ্ভৰে কয়, ” মই অধ্যয়ন কৰিলো, মই উৰ্পাৰ্জন কৰিলো আৰু মই বিকাশ কৰিলো। পবিত্র শাস্ত্ৰ কয়, “… তেওঁ যেন গর্ব-অহংকাৰত নপৰে আৰু চয়তানৰ দ্ৱাৰা যেন দণ্ড পোৱা নহয়৷ 7 (১ তিমথীয় ৩:৬)।
এটি বিচাৰ হয় যে ঈস্বৰ শ্ৰেষ্ঠ হয়, দুষ্টতা চয়তানত আহিল আৰু তাক গৰ্ভ অনুভৱ হল। সেই বাবে তেওঁক স্বৰ্গৰ পৰা পেলাই দিয়া হল। তেন্তে এনেকুৱা অংহকাৰত ভাগ লব নালাগে। যেতিয়া আপোনাৰ মনত এনেকুৱা অংহকাৰৰ অভিমান উঠে, তেওঁ গাতৰ চিদ্ৰক চাওক, যি পৰা আপুনি নিৰ্মাণ হৈছিল!
এজন মন্ত্ৰী যত গৈছিল লগত বাকচ লৈ গৈছিল। কিছু লোকে ৰজাক গোচৰ দি কলে, ” ৰজা মন্ত্রী নিজৰ বাকচত বহুমূল্য মুকুতা ৰাখে আৰু তাক সদায় নিজৰ ওচৰত ৰাখে। তেওঁ আপোনাক ঠগ দি বহুত ধন উৰ্পাৰ্জন কৰিছে। ”
এদিন ৰজা মন্ত্রীক বাটৰ ৰবলৈ দি বাকচ মুকলি কৰিবলৈ কলে । যেতিয়া বাকচ মুকলি কৰিলে পুৰনি ফটা কাপোৰ পালে, ” ৰজা এয়া মোৰ দৰিদ্ৰ দিনত পিন্ধা কাপোৰ হয়। সেই স্তৰৰ পৰা আপুনি মোক উচ্চ কৰি মন্ত্রী বনালে। এই কথা মনত ৰাখিবলৈ যে মই কেতিয়াও গৰ্ভ অনুভৱ নকৰো সেই বাবে যত যাও এই কাপোৰ নিজৰ সৈতে ৰাখো। ‘
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, যেতিয়া পৰমেশ্বৰ তোমাক ডাঙৰ কৰিব, তেতিয়া পৰমেশ্বৰ আৰু মনুষ্যৰ ওচৰত নম্ৰ হওক। তেতিয়া পৰমেশ্বৰ আপোনাক আগ আৰু আগ বঢ়াবলৈ।
মন কৰিবলগীয়া:”যি জনাই আমাৰ হীন অৱস্থাত আমাক সুঁৱৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।” ( গীতমালা ১৩৬ :২৩)।