Appam - Assamese

ਸਤੰਬਰ 24 –পৰমেশ্বৰ যি দুগুন কৰে!

“ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে৷( ২কৰন্থীয়া ৯:৮)।

পৰমেশ্বৰ আপোনাৰ জীবনত সকলো অনুগ্রহ বঢ়াবলৈ সক্ষম হয়। যি পৰমেশ্বৰে আপোনাক নিৰ্মাণ কৰিলে, তেওঁ আপোনাৰ বাবে নতুন দয়া উৎপন্ন কৰাত সক্ষম হয়। এয়া ঈস্বৰৰ ইচ্ছা হয় যে আপোনালোক সকলোৱে পৰিপূৰ্ণ পৰ্য্যাপ্ত হওক, আৰু সকলো ভাল কামৰ বাবে পৰিপূৰ্ণ হওক।

আপোনাক পৰ্য্যাপ্ত হবলৈ, পৰমেশ্বৰ আপোনাত সকলো অনুগ্রহ গুন কৰে।মাত্ৰ ‘ অল গ্ৰেচ’ শব্দৰ বিষয়ে ভাবিবলৈ কিছু সময় ওলাক। আপোনাক ঠিয়  হবলৈ অনুগ্রহৰ আৱশ্যক আৰু ভষ্ম নহবলৈ।পৰমেশ্বৰৰ ইচ্ছা আৰু নিজকে সেৱাকাৰ্যৰ বাবে সমৰ্পন কৰিবলৈ  আপোনাক অনুগ্ৰহৰ অবিশেষৰ আৱশ্যক আছে। শাস্ত্ৰত আমাক অসংখ্য কৃপাৰ উল্লেখ পোৱা যায়।

পাঁচনি  পিতৰ এই বিষয়ে লিখে :” মই চীলক বিশ্বাসী ভাই হিচাপে গণ্য কৰোঁ আৰু তেওঁৰ যোগেদি সংক্ষেপে এই পত্ৰ আপোনালোকলৈ লিখিলোঁ৷ আপোনালোকক প্ৰবোধ দিলোঁ আৰু এয়ে ঈশ্বৰৰ প্ৰকৃত অনুগ্ৰহ বুলি সাক্ষ্যও দিলোঁ৷ মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ আৰু ঈশ্ৱৰৰ প্ৰকৃত অনুগ্ৰহৰ সাক্ষ্য দান কৰি, এই পত্ৰ লিখিলোঁ৷ ইয়াতে আপোনালোক দৃঢ় হৈ থাকক”(১ পিতৰ ৫:১২)। পৰমেশ্বৰৰ দয়াৰে, যি পৰি থকা আৰু পিছ পিচলি থকা, সেই সকল পুনৰ ঠিয় হব। এয়া সেয়া কৃপা হয়  যিয়ে তেওঁ লোকক পৰিলে পুনৰ ওঠায়। পৰমেশ্বৰৰ কিছুমান সেৱক আছে, যি আত্মাত দৃঢ় হয়, আৰু ২০ বা ৩০ বছৰলৈকে প্ৰভুৰ শক্তিশালী কাম কৰে । তেওঁ লোকৰ সেৱাকাৰ্য আৰু মনোনীতৰ পিছৰ ৰহস্য এয়া হয় যে তেওঁ লোকে আত্মা প্ৰাপ্ত  কৰিলে যি তেওঁ লোকক এয়া সেৱাকাৰ্যত সহায় কৰে।

মোৰ পিতৃ ভায় চেম জবুদাৰায়ৰ বৰ্শ ১৯৭৩ চনত পৰমেশ্বৰৰ আত্মাত প্ৰভাৱিত হল। তেওঁৰ দয়াৰে তেওঁক তুলিলে আৰু ৪৫ বছৰ লৈকে তেওঁক সেৱাকাৰ্যত দৃঢ় কৰিলে। ঈস্বৰে কুটি পুস্তক লিখিবলৈ ঞ্জান দিলে। এই সকলোবোৰ ঈস্বৰৰ অসীম আশীর্বাদৰ বাবে সম্ভৱ হল, যিয়ে তেওঁক ৰক্ষা কৰি ৰাখিলে।

বহুতো এনেকুৱা আছে যে যি পৰমেশ্বৰৰ সেৱকক পৰি যোৱা চায় ভাগৰি যায়। লাগিলে তেওঁ পৰি যোৱা বা ঠিয় হোৱা হয়, তেওঁ যিহোৱাৰ হয়।এটি ক্ষনতে, চকু বন্ধ কৰোতে ঈস্বৰ তেওক নিৰ্মাণ আৰু পুনৰুত্থাপিত কৰাত সক্ষম হয় ।

সেই বাবে পৰমেশ্বৰৰ পৰি যোৱা সেৱকৰ বিষয়ে ভাবি ভাগৰি নাযাব, তেওঁ লোকক পৰাক্ৰমী  পৰমেশ্বৰৰ সেৱক ভাবি কৰ্মী  হওক, যি তেওঁৰ প্ৰচুৰ অনুগ্ৰহৰ মাধ্যমেৰে খ্ৰীষ্টৰ বাবে আত্মা প্ৰাপ্ত কৰে। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, ঈস্বৰৰ কৃপা যি আপোনাক এতিয়া লৈকে জীবিত কৰি ৰাখিছে, তেওঁৰ অহা লৈকে আপোনাৰ ৰক্ষা কৰাত সক্ষম হয়।

মন কৰিবলগীয়া:” তথাপি মই যি হৈছোঁ; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ; আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ, সেয়ে ব্যৰ্থ নহ’ল; কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলোঁ; কিন্তু ময়েই যে কৰিলোঁ, এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে। “( ১ কৰন্থীয়া ১৫:১০)।

Leave A Comment

Your Comment
All comments are held for moderation.