Appam - Assamese

সেপ্টেম্বর 11 – বন্ধু বনোৱা!

“… আপোনালোকে নিজলৈ বন্ধু লাভ কৰে…,( লুক ১৬:৯)।

আমাৰ প্ৰভু যীশু নিজৰ শিষ্যক কলে : নিজৰ বাবে বন্ধু বনাবলৈ। আপুনি এনেকুৱা পৰামৰ্শ কাৰন জানেনে? তেওক বন্ধু বনাবলৈ কলে, যাতে তেওঁ সদায়ৰ বাবে গৃহলৈ আহিব পাৰে। যেতিয়া আপুনি আপোনাৰ সময় খ্ৰীষ্টৰ বাবে আত্মা প্ৰাপ্ত কৰিবলৈ সমৰ্পিত কৰে, সাংসাৰিক অৰ্থত নহয়, কিন্তু আধ্যাত্মিক অৰ্থত, কিয়নো তেওঁ আপোনাৰ  চিৰকালৰ মিত্র হব।

এনেকুৱা বহুত লোক আছে যি জুট নিৰপেক্ষ হব বিচাৰে, যি বিচাৰে যে তেওঁ লোকৰ কোনো শত্ৰু বা বন্ধু নহওক। কিন্তু আমাৰ পৰমেশ্বৰ কয়, তুমি মিত্ৰ বনোৱা। ইজনে সিজনৰ কাৰণ প্ৰাৰ্থনা কৰিবলৈ আৰু মন্ডলীৰ মন্ডলি ৰূপে একসৈতে  আহিবলৈ আপোনাক এটি বন্ধুৰ আৱশ্যকতা আছে , যি আপোনাৰ বোজা কম কৰিব পাৰে। কিন্তু বন্ধু কোন হয়? এজন বন্ধু সেয়া হয় যি স্নেহী হয় আৰু বন্ধুত্বক মহত্ব দিয়ে । বুদ্ধিমান, চুলেমানে কয়, ” যি জনে অনেক লোকৰ সৈতে বন্ধুত্ব কৰে, তেওঁ নিজৰ সৰ্ব্বনাশলৈহে তাকে কৰে; কিন্তু এনে বন্ধু থাকে যি ভায়েকতকৈ আপোন হয়( হিতেপদেশ ১৮:২৪) ।

এই প্ৰশ্নৰ বাবে বন্ধু কোন হয়, মহান তামিল কবি তিৰুবুল্লৰ কয়, : এয়া কোনোবা হয় যাৰ সহায় কৰিবলৈ সমস্যাৰ সময়ত তত্কালীন  হয় । হাতত ঐনেশ্চক গতি ৰূপে, যেতিয়া বস্ত্ৰ পিছলি  পৰিবলগা  হয়। হয়। এজন সত্য বন্ধু সেয়া হয় যি লগে লগে দৌড়ে আৰু নিজৰ বন্ধুৰ সহায় কৰে, যি সমস্যাত আছে।

সাংসাৰিক সুখত লিপ্ত হোৱা বাবে যদি কাৰোবাক নৰকত  পেলাই দিয়া হয় তেতিয়া এয়া বহুত ডাঙৰ কথা হব। যি বন্ধুত্বপূর্ণ হয়, তাক হৃদয়ত বোজা লয় এনেকুৱা আত্মাৰ বাবে হৃদয়েৰে প্ৰাৰ্থনা কৰিব লাগে।

আমাৰ প্ৰভু যীশু খ্রীষ্টয় আমাৰ বাবে এনেকুৱা কৰিলে। যীশুতকে ভাল আমাৰ মিত্ৰ কোন হব পাৰে? তেওঁ স্বৰ্গৰ তললৈ আহিল আৰু কালবাৰীত নিজৰ জীবন ত্যাগ কৰি দিলে, যাতে আমাৰ আত্মা মৃত্যু আৰু অনন্ত দন্ডৰ পৰা ৰক্ষা কৰিব পাৰে। পবিত্র শাস্ত্ৰ কষ্ট, ” বন্ধুৰ বাবে নিজৰ প্ৰাণ দিয়াৰ দৰে শ্ৰেষ্ঠ প্ৰেম আন ক’তো নাই। ( যোহন ১৫ :১৩)।

যেতিয়া যীশু খ্রীষ্ট জগতলৈ আহিল, সকলো লোকে দোষ লগাই ছিল যে তেওঁ কৰ তোলা আৰু পাপীৰ মিত্ৰ আছিল ( লুকা  ৭:৩৪)। তেওঁ কৰ তোলা আৰু পাপীৰ সৈতে মিত্ৰতা কৰিছিল, যাতে তেওঁ লোকৰ প্ৰাণ  মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰে। তেওঁ সেই লোক সকলৰ সৈতে মিত্ৰতা কৰিছিল যি বেয়া আৰু ঘিনলগীয়া মনা হৈছিল।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপুনি চিন্তিত আছেনে আপোনাক প্ৰেম কৰা কোনো নায়? বাস্তৱত, আমাৰ প্ৰভু যীশু খ্রীষ্ট, আপোনাৰ বহুত চিন্তা কৰে আৰু প্ৰেম কৰে। আৰু তোমাৰ আত্মা তেওঁৰ দৃষ্টিত বহুত বহুমূল্য হয়।

মন কৰিবলগীয়া:” বন্ধুৰ দ্বাৰা বিশ্বাসঘাত হয়; কিন্তু এজন শত্রুৱে বহুতো চুমা খাব পাৰে।”( হিতোপদেশ ২৭:৬)।

Leave A Comment

Your Comment
All comments are held for moderation.