No products in the cart.
আগস্ট 08 – সতৰ্ক থাকক!
” কোন পৰত চোৰ আহিব, সেই বিষয়ে গৃহস্থ জনে আগেয়ে জনা হ’লে পৰ দি থাকি নিজৰ ঘৰত সিন্ধি দিব নিদিলেহেঁতেন; ইয়াক তোমালোকে জানা “(মথী ২৪:৪৩)।
যেতিয়া লৈকে চোৰ ইফালে সিফালে ঘুৰে তেতিয়ালৈকে আপুনি সতৰ্ক থাকিবলগীয়া হয়। কিয়নো আমাৰ বিৰুধী শত্ৰু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে, সেই বাবে সতৰ্ক থাকক।
আপোনাৰ পবিত্র জীবন ৰক্ষা কৰিবলৈ সতৰ্ক থাকক। চয়তান আপোনাৰ আত্মিক জীবনত চেকা লগাবলৈ চেষ্টা কৰিব। যেতিয়া এবাৰ সাক্ষ জীবনক ঠেকা লাগে, তেতিয়া তাক ভাল কৰিবলৈ অসম্ভৱ দৰে লাগে। পবিত্র শাস্ত্ৰ কয়, ” আপোনালোকক আমন্ত্ৰণ কৰা জন যেনে পবিত্ৰ, আপোনালোকো সকলো আচাৰ-ব্যৱহাৰত তেনে পবিত্ৰ হওক৷” (১ পিতৰ ১:১৫)।
এজন পালকৰ দ্বাৰা স্থাপিত এটি আত্মিক মন্ডলী দিনকে দিনে বৃদ্ধি হৈছে।বহুতো কম সময়ত এয়া ভালদৰে বিকশিত হয় গল আৰু প্ৰসিদ্ধ হয় গল। কিন্তু এয়া পালক নিজৰ জীবনত পবিত্র বজায় ৰখাত অসফল হল। শেষত: লোকসকলে তেওঁক পালকৰ পদৰ পৰা আতৰ কৰি দিলে। সেই ব্যক্তি সেই গীৰ্জাৰ বিকাশৰ পিছত মুল আছিল, তাক তাত প্ৰচাৰ কৰিবলৈ অনুমতি নাছিল। এই দৰে, সেই ব্যক্তি দোষলগা অন্তৰ লৈকে পায় গল।
আপোনাক আপোনাৰ আত্মিক জীবনত সতৰ্ক থাকিব লাগে। পবিত্র শাস্ত্ৰ কয়, ” সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্ৰু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে” (১ পিতৰ ৫:৮)। চয়তানৰ মুখ্য চেষ্টা আপোনাক চতুৰতাৰে ফান্দত পেলায় আৰু গাতত পেলোৱা হয়। আমাক সতৰ্ক থাকিব লাগে আৰু পৰমেশ্বৰৰ সহায়েৰে চয়তানৰ চালৰ পৰা আতৰ হব লাগে। আমাকে প্ৰত্যেক দিন এয়া প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন আছে, ” পৰমেশ্বৰ আমাৰ ৰক্ষা কৰক যাতে চয়তানৰ চা মোৰ ওপৰত নপৰে । ”
প্ৰাৰ্থনাতো আপোনাক সতৰ্ক হব লাগে। প্ৰাৰ্থনা পূৰ্ণ জীবনৰ তিৰস্কাৰ নকৰিব। প্ৰাৰ্থনাৰ সময় ব্যয় নকৰিব। যীশু খ্রীষ্ট কলে, ” কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোক সাৰিবৰ বাবে আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই কাৰণে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা৷”( লুক ২১:৩৬)।
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, সতৰ্ক জীবন এটি বিজয়ী জীবন হয়। যদি আপুনি সতৰ্ক থাকে, তেতিয়া চয়তান আপোনাৰ ওচৰত আহিব নোৱাৰে। পৰাজয় আপোনাক পৰাভূত কৰিব নোৱাৰিব। যদি আপুনি আজি সতৰ্ক থাকে, তেন্তে দৰা আহোতে আপুনি আনন্দৰ সৈতে তেওঁৰ লগত যাব।
মন কৰিবলগীয়া:” এই হেতুকে আহক, আমি আন লোকবোৰৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি আৰু সংযত bহৈ থাকোহঁক।(১ থিচলনকীয়া ৫:৬)।
______________________________________________________________________________________________________
09/08/21
আগস্ট 09 – তেওঁ আপোনাক আনন্দিত কৰিব!
“