No products in the cart.
আগস্ট 02 – এটি পবিত্র পাত্ৰ!
” কিন্তু প্ৰভুৱে তেওঁক কলে, “তুমি যোৱা, কিয়নো অনা-ইহুদী আৰু ৰজা সকলৰ লগতে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোৰ নাম প্ৰচাৰ কৰিবলৈ, সেই জন মোৰ মনোনীত পাত্ৰ”।(পাঁচনিকৰ্ম ৯:১৫)
“যদি কোনোবা নিজকে নিজে শুচি কৰে, তেন্তে মই তাক পবিত্র পাত্ৰ ৰূপে প্ৰয়োগ কৰিম ” পৰমেশ্বৰৰ প্ৰতিঞ্জা হয়। এই শব্দৰ বিষয়ে ভাবক, ‘ যদি নিজকে পুনৰ শুচি কৰে,।
পুৰনি নিয়মত শুচিকৰনৰ কেবাটাও বিষয় আছে। ‘ তেজৰ কিছু লৈ তাৰ ওপৰত সাতবাৰ ছটিয়াই তাক শুচি কৰিব ( লেবীয়ব্যৱস্থা ১৬:১৯) ‘কিয়নো সেই দিনা তোমালোকক শুচি কৰিবৰ অৰ্থে তোমালোকক প্ৰায়শ্চিত্ত কৰা হ’ব; ( লেবীয়ব্যৱস্থা ১৬:৩০) ‘ নিজকে শুচি কৰিব, তাৰ পাছত শুচি হ’ব। (গননাপুস্তক ১৯:১২) আৰু ‘আৰু ছমাহ সুগন্ধি-দ্ৰব্য আৰু প্রসাধনেৰে নিজকে প্রস্তুত কৰিব লাগে। (ইষ্টাৰ ২:১২) ।
নতুন নিয়মত , পবিত্র শাস্ত্ৰ অন্ত:কৰাৰ শুচিৰ বিষয়ে কয়। “…. সেই খ্ৰীষ্টৰ তেজে আমাৰ বিবেকক মৃত কর্মৰ পৰা কিমান অধিক গুণে শুচি কৰিব! যাতে আমি জীৱনময় ঈশ্বৰৰ সেৱা কৰিব পাৰোঁ৷ (ইব্ৰী ৯:১৪) । ” সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে( ইব্ৰী ১:৩)। ‘ যদি আপুনি নিজকে নিজে শুচি কৰে, তেন্তে মই তোমাক পবিত্র পাত্ৰ ৰূপে প্ৰয়োগ কৰিম, পৰমেশ্বৰৰ প্ৰতিঞ্জা হয়।
যদি শুচিকৰনৰ ব্যাখ্যা কৰিবলৈ পবিত্র শাস্ত্ৰত এটি বিশেষ নম্বৰ আছে, তেন্তে এয়া গীতমালা ৫১ বাদে আৰু একো নহয়। তাত, দায়ুদে প্ৰাৰ্থনা কৰিলে যে তেওঁৰ প্ৰাৰ্থনাৰ সেই শুচি হবলৈ নিম্নলিখিত ৩টা বস্তু আতৰ কৰে৷ ১) মোৰ অধৰ্ম নাশ কৰা, ২) মোৰ অধৰ্মৰ পৰা ধুয় নিকা কৰা আৰু ৩) মোৰ পাপৰ পৰা মোক শুচি কৰা। চোৱা কিদৰে এয়া কয় মাতে, ” এচোব বনেৰে তুমি মোক পবিত্র কৰাa আৰু মই শুচি হ’ম; মোক ধোৱা, তাতে মই হিমতকৈয়ো বগা হ’ম।( গীতমালা ৫১:১, ২,৭)
মুচিৰ জীবনত পৰমেশ্বৰৰ এক মহান উদ্দেশ্য আছিল এয়া তেওঁৰ সন্তানক মিচৰৰ পৰা মুকলি কৰিবলৈ আৰু তেওঁ লোকক কানান দেশ লয় যোৱাৰ বাদে আৰু একো নায়। পৰমেশ্বৰ তাৰ বাবে মুচিক শুচি কৰি তৈয়াৰ কৰিব আছিল। পৰমেশ্বৰে কলে, ” তুমি ওচৰ চাপি নাহিবা; তোমাৰ ভৰিৰ পৰা জোতা সোলোকোৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেয়া পবিত্ৰ ভূমি।” (যাত্ৰা পুস্তক ৩:৫)। যি সকল পৰমেশ্বৰৰ কাৰ্য্য কৰে তেওঁ লোকৰ বাবে পবিত্র থকা আৱশ্যক হয়। ইয়াৰ বাবে পৰমেশ্বৰে মুচিক ৪০ বছৰ লৈকে শুচি কৰিলে। পৰমেশ্বৰে মুচিক ফিৰোনৰ ৰাজগৃহত শিক্ষা পোৱা সকলো চালক পাহৰায় দিলে আৰু তেওঁক নিজৰ ওপৰত ভাৰযষা দিয়ালে।
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, পৰমেশ্বৰ আপোনাক কেবাটাও সাধনাৰ পথপ্রদর্শক কৰিছে চাগে। কেতিয়াও নাপাহৰিব আপুনি বহুত সময়ৰ পৰা অপেক্ষা কৰি আছে। এয়া কেতিয়াও নাপাহৰিব যে পৰমেশ্বৰ আপোনাক পবিত্র আৰু শুচি কৰিব বিচাৰে । পবিত্র শাস্ত্ৰ কয়, সেই কাৰণে ঈশ্ৱৰৰ পৰাক্ৰমী হাতৰ অধীনত নিজকে নম্ৰ কৰক, তাতে উপযুক্ত সময়ত ঈশ্ৱৰে আপোনালোকক উন্নত কৰিব৷ (১ পিতৰ ৫:৬)
মন কৰিবলগীয়া:”কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, e তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে।” (১ যোহন ১:৯)।