Appam - Assamese

জুলাই 15 – আমি নিজকে চাম!

” মই প্ৰভুক উচ্চ আৰু উন্নত সিংহাসনত বহি থকা দেখিলোঁ;( যিচয়া ৬:১)।

আপোনাক পৰমেশ্বৰক চাব লাগিব। আপোনাক তেওঁৰ ছবি চাবই  লাগিব। আপোনাক তেওঁৰ মহানতা আৰু মহিমা অনুভৱ কৰিবই লাগিব। যেতিয়া আপুনি পৰমেশ্বৰক চায়, তেতিয়া আপুনি নিজকে চাব।

নিজকে চাবলৈ প্ৰয়োজন হয় যে আপুনি পৰমেশ্বৰৰ দৰ্শন কৰা। যিচয়া পৰমেশ্বৰক চালে। ইয়াৰ দ্বাৰা তেওঁ নিজকে চালে আৰু অনুভৱ কৰিলে তেওঁ কিমান দয়াশীল পৰিস্থিতিত আছে। তেওঁ অনুভৱ কৰিলে যে তেওঁ অশুচি মুখৰ লোক আৰু অশুচি উঠৰ  লগত নিবাস  আছে ।

যেতিয়া আপুনি পৰমেশ্বৰৰ উপস্থিতত ঠিয় হব, আপোনাৰ বিবেক নিশ্চত ৰূপে আপোনাৰ পাপৰ অনুভৱ কৰাব। আপোনাৰ সকলো কপট, ঘিনলগীয়া কাৰ্য্য আৰু আপোনাৰ জীবনৰ সকলো দুৰ্বলতা মুকলিভাৱে প্ৰকাশ কৰা হব। সেই বাবে, যেতিয়া আপুনি পৰমেশ্বৰৰ উপস্থিতত ঠিয় হব, তেতিয়া ই আপোনাৰ নিজকে মুল্যাংকন কৰা আৰু আপোনাৰ পৰা সকলো দুৰ্বলতাৰ পৰা উদ্ধাৰ পাবলৈ সহায় কৰে।

যেতিয়া আপুনি বাস্তৱিক পৰিস্থিতি গম পাব, তেন্তে চকুলো সৈতে পৰমেশ্বৰৰ পৰা ক্ষমা বিচাৰক আৰু নিজকে নিজে সুধৰনি  কৰক। তেতিয়া পৰমেশ্বৰ আপোনাক শক্তিশালী ৰূপে প্ৰয়োগ কৰিব।

পবিত্র শাস্ত্ৰ কয়, ” মই উৰ্দ্ধলোকত আৰু পবিত্ৰ স্থানত বাস কৰোঁ, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ।”( যিচয়া ৫৭:১৫)।

যেতিয়া আপুনি পৰমেশ্বৰৰ উপস্থিতত ঠিয় হব তেতিয়া পৰমেশ্বৰক আপোনাৰ ভঙা হৃদয় আৰু দুখী হৃদয় চাবলৈ দিয়ক, যে আপুনি পবিত্র জীবন জিয়াই থাকিবলৈ কিমান বেছি ইচ্ছা ৰাখে। তেওঁ লোকক চকুলো সৈতে কৰা প্ৰাৰ্থনা চাবলৈ দিয়ক।

দায়ুদে কয়, ” ভগ্ন মন ঈশ্বৰৰ গ্ৰহণীয় বলি, ইয়াক দিয়া; হে ঈশ্বৰ, ভগ্ন আৰু অনুতাপী মনক তুমি অগ্ৰাহ্য নকৰিবা।”( গীতমালা ৫১ :১৭)। তেওঁ আপোনাৰ চকুলোৰ  সৈতে কৰা কন্দা কেতিয়াও অগ্ৰাহ্য নকৰে।

কোঠাত থকা সৰু ধুলি কনা খালি চকুৰে নেদেখি  । কিন্তু সূৰ্যৰ ৰশ্মি যেতিয়া সৰু ফুটাদি  কোঠাত সোনায় তেতিয়া হেজাৰ হেজাৰ কনিকা দেখা যায়। হব লাগে আপুনি নিজৰ ভিতৰৰ অধৰ্ম দেখা নায়  ।

যেতিয়া আপুনি পৰমেশ্বৰৰ উপস্থিতত বহে, তেতিয়া পবিত্র আত্মাৰ প্ৰকাশ আপোনাৰ ওপৰত পৰিব আৰু তেওঁ আপোনাৰ ভিতৰৰ সকলো ভুল আৰু দুৰ্বলতাৰ অনুভৱ কৰাব। সেই স্তৰত, পৰমেশ্বৰৰ উপস্থিত আপোনাক সকলো দুৰ্বলতা চকুলোৰ সৈতে অংগীকারনামা কৰা আৰু তাৰ পৰা উদ্ধাৰ পোৱাত সহায় কৰিব।

মন কৰিবলগীয়া:” হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তঃকৰণ জানা; মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা;”।

Leave A Comment

Your Comment
All comments are held for moderation.