No products in the cart.
জুন 17 – শান্ত থাকক!
“যিহোৱাই কৈছে, “তোমালোক ক্ষান্তa হোৱা, মই যে ঈশ্বৰ” (গীতমালা ৪৬:১০)।
পৰমেশ্বৰৰ চৰনত শান্ত হয় বহা এটি আশীর্বাদ যুক্ত অনুভৱ হয়। পৰমেশ্বৰৰ উপস্থিতিত মনে মনে বহা আপোনাৰ বিস্বাসক দৰ্শাই।তেওঁৰ ওপৰত বিশ্বাস কৰি আপোনাৰ সকলো বোজা তেওঁক দি স্তুতি কৰি বিশ্ৰাম কৰা এয়া আপুনি তেওঁক কিমান প্ৰেম কৰে, তাক প্ৰকাশ কৰে।
মনুষ্যৰ জীবনত পৰমেশ্বৰৰ উপস্থিতিত শান্ত হয় থকা বহুত আৱশ্যক হয়। আমাৰ ভাল পৰমেশ্বৰ উপস্থিতিত শান্ত থকা বহুত আৱশ্যক হয়। আমাৰ ভাল পৰমেশ্বৰ শান্ত হয় একগোট থকা পানীৰ ওচৰত লৈ যোৱা পৰমেশ্বৰ নহয় নে? তীব্ৰতাৰে ঘূৰি থকা এই জগতত, মনুষ্য মনে মনে বহি থাকিব নিবিচাৰে। সকলো বোজা নিজৰ ওপৰত ৰাখি চিন্তা তুলি লৈছে।
সেৱা কাৰ্য্যত অহা এজন নতুন সেৱক, তেওঁৰ কৰিবলগীয়া সকলো দায়িত্বৰ বিষয়ে নিৰন্তৰ কয় থাকিল। এই সপ্তাহত আমি ৫ টি পৰমেশ্বৰৰ সংবাদক তৈয়াৰ কৰিব লাগে। তিনিটা বিবাহ নিৰ্মাণ কৰিব লাগে। তাতো পৰমেশ্বৰৰ বাক্য শুনাব লাগে। ইয়াত জন্ম দিন উপলক্ষে প্ৰচাৰ কৰিব লাগে। বহুতো ৰুগী লোকক লগ কৰিব লাগে। বিশিষ্ট লোকৰ দ্বাৰা কৰা সম্মেলন ত বাক্য প্ৰচাৰ কৰিব লাগে। ‘ এই দৰে তেওঁ এটিৰ পিছত এটি নিৰন্তৰ কয় থাকিল।
তাত বহি থকা এজন ব্যক্তিয়ে তেওঁক সুধিলে, ” মহোদয় আপুনি ইমান ঠাইত প্ৰচাৰ কৰে, কিন্তু যেতিয়া পৰমেশ্বৰ আপোনাৰ সৈতে কথা পাতে, তেন্তে তাক শুনিবলৈ আপোনাৰ ওচৰত সময় নহয় চাগে ” এয়া সেই যুৱক জনে সোধা প্ৰশ্ন নহয়, এয়া আমাক সকলোকে সুধা প্ৰশ্ন হয়। আপুনি কি উত্তৰ দিব?
প্ৰভু যীশুক চাওক! তেওঁ নিৰন্তৰ দিনে ৰাতিয়ে সেৱা কাৰ্য্য কৰিলে। কিন্তু তথাপিও লোক সমূহৰ পৰা দূৰত আতৰি, পিতৃৰ সৈতে সম্বন্ধ নিৰ্মাণ কৰিবলৈ তেওঁ সময়ক বেলেগ কৰিছিলে। পিতৃক মিলনৰ বাবে পৰ্বতত অকলে উঠি গোটেই ৰাতি প্ৰাৰ্থনা কৰা অভ্যাস ভিতৰুৱা মনুষ্যত শক্তি, সামৰ্থ, নতুন ভাবনা আৰু তীব্ৰতাক দিলে। শান্ত পৰিবেশত গৈ অকলশৰে পিতৃৰ উপস্থিতিত মনে মনে বহি থাকিল গেতচামিনী বাগিচাত গৈ নিজকে সমৰ্পন কৰি প্ৰাৰ্থনা কৰিলে।
সেই দিনা প্ৰভুৰ চৰনত শান্তিৰে বহিব নোৱাৰাত, মাৰ্থাক চায় যীশুৱে কলেজ, ” কিন্তু প্ৰভুৱে উত্তৰত তেওঁক ক’লে, “মাৰ্থা, মাৰ্থা, তুমি বহু বিষয়ত চিন্তিত আৰু ব্যস্ত হৈ আছা, কিন্তু মাত্ৰ এটা বিষয়হে প্ৰয়োজনীয়৷ মৰিয়মে সেই উত্তম বিষয়টো মনোনীত কৰিলে, তেওঁৰ পৰা সেইটো নিয়া নহব।”( লুক ১০:৪১, ৪২)
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, পৰমেশ্বৰৰ চৰনত শান্তিৰে বহিবলৈ সুযোগ তৈয়াৰ কৰক। পুৱা উঠি পৰমেশ্বৰৰ উপস্থিতিত বহি যাওক ।
মন কৰিবলগীয়া:” হে ইয়োব, তুমি ইয়ালৈ কাণ পাতা; থিৰে থাকি ঈশ্বৰৰ আচৰিত কৰ্ম বিবেচনা কৰা।”( ইয়োব ৩৭:১৪)।