Appam - Assamese

মে 22 – প্ৰজ্ঞা আৰু বিশ্বাস !

“যিসকলে শিক্ষা লাভ কৰি অনুশীলন কৰে, তেওঁলোকে মঙ্গল বিচাৰি পায়; আৰু যি সকলে যিহোৱাত নির্ভৰ কৰে, তেওঁলোক সুখী হয়.” (হিতোপদেশ ১৬:২০).

এজন বিচক্ষণ ব্যক্তিৰ বাবে লৌকিক প্ৰজ্ঞা, জ্ঞান আৰু মনৰ চোকাতাৰ লগতে স্বৰ্গীয় প্ৰজ্ঞাও অপৰিহাৰ্য. এই জগতৰ সকলো জ্ঞানীতকৈ জ্ঞানী বুলি গণ্য কৰা চলোমনে এইদৰে লিখিছে: “যিসকলে শিক্ষা লাভ কৰি অনুশীলন কৰে, তেওঁলোকে মঙ্গল বিচাৰি পায়; আৰু যি সকলে যিহোৱাত নির্ভৰ কৰে, তেওঁলোক সুখী হয়.”(হিতোপদেশ ১৬:২০).

প্ৰজ্ঞা আৰু প্ৰভুৰ ওপৰত আস্থা একেলগে চলিব লাগে. ভগৱানক বিশ্বাস নকৰা মানুহ ইমানবোৰ; আৰু তেওঁলোকৰ জ্ঞানৰ নিজৰ বাবেও বা আনৰ বাবেও কোনো কাম নাই. যেতিয়া কোনো ব্যক্তিয়ে প্ৰভুক বিশ্বাস নকৰে; তেওঁৰ জ্ঞান বা বুদ্ধিমত্তাৰ স্তৰ যিয়েই নহওক কিয়, তেওঁৰ সকলো প্ৰচেষ্টা অসাৰ হ’ব.

ৰাজনীতিবিদসকলৰ সমাজত যথেষ্ট প্ৰভাৱ আছে. দাৰ্শনিকসকল অতি জ্ঞানী. কিন্তু তেওঁলোকৰ জীৱনৰ শেষত তেওঁলোকৰ সকলো প্ৰজ্ঞা, জ্ঞান, শিক্ষাৰ কি হয়? ইয়াৰ সকলোবোৰ তেওঁলোকৰ লগত সমাধিস্থ কৰা হ’ব. যিসকলে প্ৰভুত বিশ্বাস নকৰে তেওঁলোকৰ চিৰন্তন গন্তব্যস্থানৰ বিষয়ে শাস্ত্ৰই আমাক স্পষ্টকৈ কয়.

“তোমাৰ পথ যিহোৱাত সমৰ্পণ কৰা; তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই সকলো কৰিব.”(গীতমালা ৩৭:৫). “তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা.  তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব.”(হিতোপদেশ ৩:৫-৬). “ তোমালোকে চিৰকাললৈকে যিহোৱাত ভাৰসা কৰা; কিয়নো যিহোৱা চিৰস্থায়ী শিলা.”(যিচয়া ২৬:৪).

আপোনাৰ বিশ্বাসৰ ভিত্তি কি? টকাৰ ওপৰত নেকি? আপোনাৰ শিক্ষাৰ ওপৰত? আপোনাৰ ধন-সম্পত্তিৰ ওপৰত? সমাজত আপোনাৰ প্ৰভাৱৰ ওপৰত? আপোনাৰ আত্মীয়ৰ ওপৰত? নে আপোনাৰ সন্তানৰ ওপৰত? এই সকলোবোৰ গুটিয়াই গুটিয়াই গুচি যাব আৰু অদৃশ্য হৈ যাব; যিহেতু এই সকলোবোৰ ক্ষণস্থায়ী. কিন্তু যি কোনোৱে প্ৰভুৰ ওপৰত ভৰসা কৰে, তেওঁ চিৰকাল দৃঢ় হৈ থাকিব.

প্ৰকৃত বিচক্ষণতা প্ৰভুৰ ওপৰত আস্থাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে. তেওঁ ক’ব: “মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল.”(গীতমালা ১১৮:৮). ডাঙৰ পৰিঘটনা হওক বা সৰু কামেই হওক, তেওঁ প্ৰভুৰ ওপৰত বিশ্বাস ৰাখিব আৰু প্ৰভুৰ ওপৰত আঁকোৱালি ল’ব. তেওঁ প্ৰাৰ্থনা কৰি সকলো কৰিব. আৰু তেওঁৰ আস্থা কেতিয়াও অসাৰ নহ’ব; যেনেকৈ প্ৰভু তেওঁৰ ওপৰত বিশ্বাস কৰাসকলৰ বাবে ঢাল.

যৌৱনত চলোমনে নিজৰ জাতিটোক শাসন কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰভুৰ ওপৰত নিৰ্ভৰ কৰিছিল. যিহেতু তেওঁ প্ৰভুৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল আছিল, সেয়েহে ঈশ্বৰে তেওঁক প্ৰজ্ঞা, জ্ঞান আৰু বিবেচনা প্ৰদান কৰিছিল.

ঈশ্বৰৰ সন্তানসকল, চলোমনৰ দৰে আপোনালোকেও প্ৰভুৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰা উচিত আৰু ঈশ্বৰৰ জ্ঞান আৰু বিবেচনা লাভ কৰা উচিত. প্ৰভুৱে আপোনাক এনে প্ৰজ্ঞা আৰু বিবেচনা প্ৰদান কৰিবলৈ আগ্ৰহী.

অধিক ধ্যান-ধাৰণৰ বাবে পদ: “ মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম; তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম.”(গীতমালা ১০১:২).

Leave A Comment

Your Comment
All comments are held for moderation.