No products in the cart.
জুন 20 – ভয় দূৰ কৰা হাত !
“ যীচুৱে তেওঁলোকৰ সন্মুখত অন্যৰূপ ধৰিলে; তেওঁৰ মুখ সূৰ্যৰ দৰে দীপ্তিমান আৰু বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হৈ গ’ল.প্ৰাৰ্থনা কৰা সময়ত অনা-ইহুদী সকলৰ নিচিনাকৈ তোমালোকে অনৰ্থক পুণৰুক্তি নকৰিবা; কিয়নো তেওঁলোকে ভাৱে, তেওঁলোকৰ বেচি কথাৰ কাৰণে তেওঁলোকৰ প্রার্থনা তেওঁ শুনিব. “(মথি ১৭:২, ৬-৭).
এবাৰ প্ৰভু যীচুৱে পিতৰ, যাকোব আৰু তেওঁৰ ভায়েক যোহনক লৈ, তেওঁলোকক নিজেই এটা ওখ পৰ্বতলৈ লৈ গ’ল; আৰু তেওঁলোকৰ আগত তেওঁ ৰূপান্তৰিত হ’ল. আমি শাস্ত্ৰত পঢ়িবলৈ পাওঁ যে তেওঁৰ মুখখন সূৰ্য্যৰ দৰে জিলিকি উঠিছিল, আৰু তেওঁৰ কাপোৰবোৰ পোহৰৰ দৰে বগা হৈ পৰিছিল (মথি ১৭:১-২).
শিষ্যসকলে পৰ্ব্বতত সেই ৰূপান্তৰ হোৱা দেখিলে. মোচি আৰু এলিয়াই তেওঁলোকৰ আগত উপস্থিত হ’ল; আৰু এটা উজ্জ্বল ডাৱৰে তেওঁলোকক ছাঁ দিলে. শিষ্যসকলে অতিশয় ভয় খাই মুখত পৰিল. কিন্তু যীচুৰ প্ৰেমময় হাত দুখনে, ভয় কৰা শিষ্যসকলক স্পৰ্শ কৰিলে আৰু তেওঁ ক’লে, “উঠা, ভয় নকৰিবা.”
সঁচাকৈয়ে প্ৰভু যীচুৰ হাত, ভয় দূৰ কৰাৰ এক অলৌকিক প্ৰতিকাৰ. যেতিয়া তেওঁ আপোনাক হাতেৰে স্পৰ্শ কৰিব, তেতিয়া আপোনাৰ সকলো ভয় আপোনাৰ পৰা পলাই যাব. তেওঁৰ হাতখনে আপোনাক শক্তি প্ৰদান কৰিব আৰু আপোনাক শক্তিশালী কৰিব.
পুৰণি নিয়মত যেতিয়া দানিয়েলে ভয় খাইছিল আৰু কোনো শক্তি নাছিল, তেতিয়া ঈশ্বৰৰ দূতে তেওঁক হাতেৰে স্পৰ্শ কৰিছিল, আৰু দানিয়েলক শক্তিশালী কৰিছিল. শাস্ত্ৰই কৈছে, “তেওঁ মোৰ লগত কথা পাতি থাকোঁতে, মই মাটিত উবুৰি হৈ পৰি ঘোৰ নিদ্ৰা গলোঁ; তেতিয়া তেওঁ মোক স্পৰ্শ কৰিলে আৰু মোক থিয় কৰালে. ” (দানিয়েল ৮:১৮). কিন্তু আমাৰ প্ৰভুৰ হাত সেই স্বৰ্গদূতৰ হাততকৈ ডাঙৰ আৰু শক্তিশালী.
যেতিয়া শিষ্যসকলে এটা কোঠাৰ ভিতৰত বন্ধ হৈ গ’ল, তেতিয়া প্ৰভুৱে তেওঁলোকৰ আগত উপস্থিত হৈ তেওঁলোকৰ হাত আৰু ভৰি দেখুৱাই তেওঁলোকক শক্তিশালী কৰিলে. আৰু ৰূপান্তৰৰ পৰ্ব্বতত তেওঁ তেওঁলোকক হাতেৰে স্পৰ্শ কৰিলে আৰু তেওঁলোকক ভয় নকৰিবলৈ ক’লে.
আমি প্ৰকাশিত বাক্যৰ পুস্তকত আন এটা ঘটনাৰ বিষয়েও পঢ়িবলৈ পাওঁ. পাঁচনি যোহনে যেতিয়া আত্মাত আছিল, তেতিয়া তেওঁ প্ৰভু যীচুৰ গৌৰৱময় প্ৰতিমূৰ্তি দেখিছিল. তেওঁৰ সোঁহাতত সাতটা তৰা আছিল. আৰু তেওঁৰ মুখৰ পৰা এটা চোকা দুধাৰি তৰোৱাল ওলাই আহিল আৰু তেওঁৰ মুখখন সূৰ্য্যৰ দৰে আছিল যে ইয়াৰ শক্তিৰে জিলিকি উঠিছে. পাঁচনি যোহনে যেতিয়া সেই দৰ্শনৰ বৰ্ণনা কৰিছে, তেতিয়া তেওঁ এইদৰে কৈছে: “যেতিয়া মই তেওঁক দেখিছিলোঁ, তেতিয়া মৰা মানুহৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলোঁ. তাতে তেওঁ নিজৰ সোঁ হাত মোৰ গাত দি ক’লে, “ভয় নকৰিবা৷ মই প্ৰথম আৰু শেষ, আৰু জীয়াই থকা জন৷ মই মৃত হ’লো, কিন্তু চোৱা, চিৰকাললৈকে জীৱন্ত হৈ আছোঁ; মৃত্যু আৰু মৃত লোকৰ চাবিবোৰো মোৰ হাতত আছে.”(প্ৰকাশিত বাক্য ১:১৭-১৮).
ঈশ্বৰৰ সন্তানসকল, প্ৰভুৱে আপোনালোকক আপোনালোকৰ সকলো ৰোগ আৰু কষ্টৰ পৰা মুক্ত কৰিবলৈ আগ্ৰহী. সেইদিনা তেওঁৰ শিষ্যসকলৰ ওচৰলৈ যিখন হাত আগবঢ়াইছিল, সেইখনেই আজি আপোনাৰ ফালে আগবঢ়াই দিয়া হৈছে – আপোনালোকৰ সকলো ভয় আঁতৰাবলৈ; আৰু তোমালোকক শক্তিশালী কৰিবলৈ. সেই হাতখন অটলভাৱে ধৰি ৰাখক, বিশ্বাসত
*অধিক ধ্যান-ধাৰণৰ বাবে পদ: “কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে.”(২ তীমথিয় ১:৭).