No products in the cart.
খোজকঢ়া 18 – চিয়োলৰ ওপৰত জয় !
“ কিয়নো তুমি মোৰ প্ৰাণ চিয়োলত ত্যাগ নকৰিবা, তোমাৰ ভক্তজনক গাতত ক্ষয় পাবলৈ নিদিবা.”(গীতমালা ১৬:১০).
আদমৰ পাপৰ বাবে পুৰণি নিয়মৰ সময়ত ঈশ্বৰৰ সকলো পবিত্ৰ লোকক চয়তানে চিয়োলত বন্দী কৰি ৰাখিছিল. দুখেৰে যাকোবে ক’লে: “তেতিয়া যাকোবে ক’লে, “নহয়, মোৰ পুত্ৰ তোমালোকৰ লগত নাযায়; কিয়নো তাৰ ককায়েক মৰিল আৰু এতিয়া সি অকলে আছে; তোমালোকৰ যাত্রাপথত যদিহে তালৈ কিবা আপদ ঘটে, তেন্তে এই পকা চুলিৰে সৈতে দুখ দি মোক চিয়োললৈহে পঠাবা.” (আদিপুস্তক ৪২:৩৮). দায়ূদে কৈছিল, “চিয়োলaৰ জৰীয়ে মোক মেৰাই ধৰিছিল, মোৰ বাবে মৃত্যুৰ ফান্দ পতা হৈছিল.” (গীতমালা ১৮:৫). ইয়োবে কৈছিল, “মই কবৰক মোৰ ঘৰ হিচাপে অপেক্ষা কৰি আছো” (ইয়োব ১৭:১৩).
কিন্তু প্ৰভু যীচুৱে কালভাৰীত তেওঁৰ মৃত্যুৰ দ্বাৰা কেৱল চয়তানক জয় কৰাই নহয়, হেডিছৰ ওপৰতো জয়লাভ কৰিছিল. তেওঁ চয়তানৰ হাতৰ পৰা হেডিছৰ চাবিটো জব্দ কৰিলে; হেডিছলৈ গৈ তাত বন্দী হৈ থকা পুৰণি নিয়মৰ সকলো পবিত্ৰ লোকক মুকলি কৰি দিলে. “(এতিয়া এইটো, “যেতিয়া কোৱা হৈছে, “তেওঁ ওপৰলৈ উঠিল” ইয়াৰ অর্থ কি? এই কথাত এইটোৱে বুজা নাযায় নে, যে তেওঁ পৃথিৱীৰ তল ভাগলৈও নামিছিল?”(ইফিচীয়া ৪:৯).“খ্ৰীষ্টয়ো সেই পাপৰ সম্বন্ধে এবাৰ দূখ-ভোগ কৰিলে৷ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্মিক সকলৰ কাৰণে ধাৰ্মিক জনে, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে; তেওঁ মাংসত হত হ’ল, কিন্তু আত্মাত হ’লে পুনৰ্জীৱিত হ’ল; সেই আত্মাৰে তেওঁ গ’ল আৰু এতিয়া কাৰাগাৰত eথকা আত্মাবোৰৰ ওচৰত গৈ প্রচাৰ কৰিলে৷ সেইবোৰ নোহৰ সময়ত ঈশ্বৰৰ আবাধ্য আছিল৷ নোহৰ জাহাজ তৈয়াৰ কৰাৰ সময়ত ঈশ্বৰ সহিষ্ণু হৈ তেওঁলোকৰ বাবে অপেক্ষা কৰিছিল৷ ঈশ্বৰে অলপ মানুহক ৰক্ষা কৰিলে, আঠ টা আত্মা সেই জলৰ পৰা ৰক্ষা পালে৷” (১ পিতৰ ৩:১৮-২০).
প্ৰভু যীচুৱে আনকি হেডিছতো প্ৰচাৰ কৰাটো আচৰিত কথা. আনকি হেডিছেও তেওঁক পৰাস্ত কৰিব নোৱাৰিলে. তেওঁ পুৰণি নিয়মৰ পবিত্ৰ লোকসকলক মুকলি কৰি দিবলৈ মুক্তিপণ হিচাপে নিজৰ তেজ দিছিল. আমি শাস্ত্ৰত পঢ়িবলৈ পাওঁ, “ঈশ্বৰে যি সকলক আমন্ত্ৰণ কৰি অনন্ত কালৰ অধিকাৰ দিয়াৰ প্ৰতিজ্ঞা কৰিছিল, তেওঁলোকে যেন তাক পায়, সেই কাৰণে খ্ৰীষ্টে নতুন নিয়মৰ মধ্যস্থ হ’ল৷ তেওঁলোক সেইবোৰৰ অধিকাৰী হ’ব, কাৰণ প্ৰথম বিধান চলি থকাৰ সময়ত তেওঁলোকে যি পাপ কৰিলে, সেই পাপৰ পৰা তেওঁলোকক মুক্তি দিবলৈ খ্ৰীষ্টই আপোন প্ৰাণ দিলে”(ইব্ৰী ৯:১৫). কাৰণ পুৰণি নিয়মৰ পবিত্ৰ লোকসকলৰ পাপ কেৱল ঢাকি দিয়া হৈছিল কিন্তু ক্ষমা কৰা হোৱা নাছিল বা সম্পূৰ্ণৰূপে শুচি কৰা হোৱা নাছিল (গীতমালা ৩২:১). তেওঁলোকে কালভাৰীৰ ক্ৰুচত প্ৰভু যীচুৰ চূড়ান্ত বলিদানলৈকে অপেক্ষা কৰিবলগীয়া হৈছিল, যাতে তেওঁলোকে নিজৰ পাপৰ পৰা ক্ষমা পাব আৰু ভালদৰে ধুব.
হেডিছত যন্ত্ৰণাত ভুগি থকা অৱস্থাত ধনী মানুহজনে লাজাৰক অব্ৰাহামৰ বুকুত জিৰণি লোৱা দেখিলে. কিন্তু যেতিয়া যীচুৱে ওপৰলৈ উঠি গ’ল, তেতিয়া তেওঁ বন্দীসকলক বন্দী কৰি লৈ গ’ল (ইফিচীয়া ৪:৮). তেতিয়াই তেওঁ ‘জন্নত’ৰ বাগিচা স্থাপন কৰিছিল. পুৰণি নিয়মৰ সন্তসকলৰ লগত আৰু কালভাৰীত পৰিত্ৰাণ পোৱা ডকাইতৰ লগত প্ৰভুৱে স্বৰ্গত বিশ্ৰাম লৈছিল.
পুনৰুত্থান শক্তিয়ে তেওঁক হেডিছ জয় কৰাত সহায় কৰিছিল. পাঁচনি পৌলে, সেই শক্তি বিচাৰিবলৈ তীব্ৰ আকাংক্ষা কৰিছিল. পাঁচনি পৌলে লিখিছে, “এই ধাৰ্মিকতা তেওঁক জনাৰ যোগেদি তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখভোগৰ সহভাগিতাতc মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁৰ দ্বাৰাই ৰূপান্তৰিত হৈছোঁ; যাতে কোনো প্ৰকাৰে মৃত লোকৰ পুনৰুত্থানৰ ভাগী হ’ব পাৰোঁ৷”(ফিলিপীয়া ৩:১০-১১). সেইবাবেই তেওঁ খ্ৰীষ্টক লাভ কৰিবলৈ নিজৰ সকলো লাভক লোকচান আৰু আৱৰ্জনা বুলি গণ্য কৰিছিল.
আজিও প্ৰভুৱে আপোনাক তেওঁৰ পুনৰুত্থানৰ শক্তি প্ৰদান কৰিছে, যিয়ে হেডিছৰ ওপৰত জয়লাভ কৰে. আৰু তেওঁ প্ৰতিজ্ঞা কৰিছে যে তোমালোকৰ বিৰুদ্ধে হেডিছৰ দুৱাৰে জয়ী নহ’ব. গতিকে শুভবাৰ্তাৰ শক্তিৰে নৰকত বান্ধ খাই থকাসকলক মুক্ত কৰি স্বৰ্গৰ পথত ৰাখক.
অধিক ধ্যান-ধাৰণৰ বাবে পদ: “ আৰু জীয়াই থকা জন৷ মই মৃত হ’লো, কিন্তু চোৱা, চিৰকাললৈকে জীৱন্ত হৈ আছোঁ; মৃত্যু আৰু মৃত লোকৰ চাবিবোৰো মোৰ হাতত আছে.”(প্ৰকাশিত বাক্য ১:১৮)