bo togel situs toto musimtogel toto slot musimtogel musimtogel musimtogel masuk musimtogel login musimtogel toto
Appam - Assamese

এপ্রিল 08 – প্ৰভুৱে নিজৰ মুখ লুকুৱাই ৰখা নাছিল !

“প্ৰহাৰ কৰা সকললৈ মই মোৰ পিঠি দিলোঁ,আৰু মোৰ ডাঢ়ি উঘালোঁতাবিলাকলৈ মোৰ গাল পাতি দিলোঁ, অপমান আৰু ঘৃনাৰ পৰা মই মোৰ মুখ লুকুৱা নাই.” (যিচয়া ৫০:৬).

মানৱজাতিৰ পাপৰ ক্ষমা বিচাৰি চিঞৰি থকা প্ৰভু যীচুৰ মুখলৈ চাওক. গৌৰৱময় আৰু সুন্দৰ আৰু একেবাৰে মৰমলগা আছিল. তেওঁক বগা আৰু ৰঙা ৰঙৰ, আৰু দহ হাজাৰৰ ভিতৰত মুখ্য বুলি বৰ্ণনা কৰা হৈছিল. কিন্তু যেতিয়া তেওঁক ক্ৰুচত দিয়া হৈছিল, তেতিয়া তেওঁৰ কোনো ৰূপ বা সৌন্দৰ্য্য নাছিল, কোনো মহিমা বা সৌন্দৰ্য্য নাছিল. শাস্ত্ৰই কৈছে, “তেতিয়া তেওঁলোকে যীচুৰ মুখত থুই পেলাই ভুকুৱালে;”(মথি ২৬:৬৭).

তেওঁলোকে তেওঁৰ মুখত থু পেলাইছিল আৰু তেওঁৰ মূৰত লাখুটিৰে কোবাইছিল. প্ৰায় ছশ সৈন্যই চাৰিওফালে থিয় হৈ যীচুৰ ওপৰত থু পেলালে – যিজনে তেওঁলোকৰ আগত নিমাত হৈ থাকিল, মেৰ পোৱালিৰ দৰে. তাৰ পাছত তেওঁলোকে তেওঁৰ চকুত পটি বান্ধি পুনৰ থু পেলালে আৰু তেওঁক কোনে আঘাত কৰিলে সেই বিষয়ে ভৱিষ্যদ্বাণী কৰিবলৈ ক’লে? তেওঁৰ ওপৰত তিনিবাৰ থু পেলোৱা হ’ল.

প্ৰভুৱে কৈছে, “প্ৰহাৰ কৰা সকললৈ মই মোৰ পিঠি দিলোঁ,আৰু মোৰ ডাঢ়ি উঘালোঁতাবিলাকলৈ মোৰ গাল পাতি দিলোঁ, অপমান আৰু ঘৃনাৰ পৰা মই মোৰ মুখ লুকুৱা নাই.”(যিচয়া ৫০:৬). এই সকলোবোৰ লাজ আৰু নিন্দা কৰা কাৰ্য্যৰ পিছতো তেওঁ সেইবোৰক ক্ষমা কৰিছিল.

এবাৰ ভাই-ভনীৰ মাজত কাজিয়া হৈছিল. কাজিয়া কৰি থাকোঁতে সেই মুহূৰ্তৰ উত্তাপত ভনীয়েকে ভায়েকৰ মুখত থু পেলালে. ভাইটি ক্ৰোধিত হৈ তাইক কেতিয়াও ক্ষমা কৰিব নোৱাৰিলে; আৰু সি তাইক হিংস্ৰভাৱে প্ৰহাৰ কৰিবলৈ ধৰিলে. আৰু ভনীয়েক অচেতন হৈ পৰিল. তাইৰ মৃত্যুৰ ভয়ত ভাতৃয়ে সেই ঠাইৰ পৰা বেলেগ চহৰলৈ দৌৰি গ’ল. কাৰোবাৰ ওপৰত থু পেলোৱাটো অত্যন্ত লজ্জাজনক কাম বুলি গণ্য কৰা হয়.

এবাৰ মাদাৰ টেৰেছাই গেলামালৰ দোকানৰ মালিকৰ ওচৰলৈ গৈ হাত মেলি তেওঁক ডাঙৰ-দীঘল কৰা অনাথ ল’ৰা-ছোৱালীকেইটাক খুৱাবলৈ ঘেঁহু অলপ বিচাৰিলে. সেই ব্যক্তিজনে, শস্যবোৰ দিয়াৰ সলনি তাইৰ হাতত থু পেলালে. তেতিয়াও মাদাৰ টেৰেছাই হাঁহিমুখীয়া মুখ এখনেৰে তেওঁক ক’লে: “মোক আপোনাৰ উপহাৰৰ বাবে ধন্যবাদ. এতিয়া মোৰ ল’ৰা-ছোৱালীক কিবা এটা দিয়ক, সিহঁতৰ ভোক খুৱাবলৈ”. এই কথাবোৰে সেই ব্যক্তিজনৰ হৃদয় ভাঙি পেলালে, আৰু তেওঁ নিজৰ কাৰ্য্যৰ বাবে অনুতাপ কৰি ল’ৰা-ছোৱালীবোৰৰ বাবে ঘেঁহু ভৰ্তি মোনা এটা দিলে.

ঈশ্বৰৰ সন্তানসকল, তোমালোকেও ক্ৰুচৰ ফালে চোৱা উচিত আৰু প্ৰভুৰ ক্ষমাৰ অনুগ্ৰহ লাভ কৰা উচিত.

অধিক ধ্যান-ধাৰণৰ বাবে পদ: “ কাৰণ তেওঁ যিহোৱাৰ আগত গছ পুলিৰ দৰে, আৰু শুকান মাটিত অঙ্কুৰিত হোৱা কোমল গজালিৰ দৰে বাঢ়ি উঠিল; তেওঁৰ কোনো বৈশিষ্ট্যপূর্ণ চেহেৰা বা ঐশ্বর্য নাছিল, আমি যেতিয়া তেওঁক চাওঁ তেতিয়া আমাক আকর্ষণ কৰিব পৰা তেওঁৰ কোনো সৌন্দৰ্য নাছিল.”(যিচয়া ৫৩:২).

Leave A Comment

Your Comment
All comments are held for moderation.