Appam - Assamese

আগষ্ট 13 – উঠা!

“তেতিয়া যীচুৱে থমকি ৰৈ তেওঁক মাতি আনিবলৈ আজ্ঞা দিলে৷ তেতিয়া লোক সকলে সেই অন্ধক কলে- “ভয় নকৰিবা, উঠা! তেওঁ তোমাক মাতিছে.” (মাৰ্ক ১০:৪৯).

বাটৰ কাষত বহি থকা বাৰ্টিমিয়ায়ে প্ৰথমে নিজৰ এলাহৰ পৰা উঠিব লাগে.  ধূলিময় মাটিৰ পৰা, আৰু ভিক্ষাৰ অৱস্থাৰ পৰা উঠিব লাগে.  তেওঁ নিজৰ অন্ধতাৰ পৰা উঠিব লাগে.

আমাৰ প্ৰভুৱে আমাক মাতিছে আৰু কৈছে, “মোৰ সন্তান, তোমাৰ ক্লান্তিৰ পৰা উঠি; ধূলি জোকাৰি পেলাওক, ডেউকা মেলি ঈগলৰ দৰে আকাশত উৰি যাওক.  উঠি মই তোমাৰ বাবে জমা কৰি ৰখা উপহাৰ আৰু শক্তি গ্ৰহণ কৰক”.

যেতিয়া উৰুৱা পুত্ৰৰ জ্ঞান আহিল, তেতিয়া তেওঁ ক’লে, ” মই এতিয়া দেউতাৰ ঘৰলৈ গৈ এই কথা কম, স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত পাপ কৰিলোঁ;  আপোনাৰ পুত্ৰ বুলি মতাৰ যোগ্য নহওঁ; মোক আপোনাৰ এটা চাকৰৰ নিচিনাকৈ হলেও ৰাখক’.”(লূক ১৫:১৮-১৯). তেওঁ গাহৰিৰ ঠাইৰ পৰা উঠিব লাগিছিল. আৰু দয়ালু প্ৰভু যীচুৰ ওচৰলৈ আহিবলৈ তেওঁ উঠিব লাগিছিল.

প্ৰভু যীচুৱে কেৱল তেওঁৰ হেৰুৱা সন্তানসকলক বিচাৰি আৰু ৰক্ষা কৰিবলৈ পৃথিৱীলৈ নামি আহিছিল.  আজি তুমি পাপৰ বোজাৰ তলত কষ্ট পাইছা; অভিশাপ আৰু ৰোগৰ পৰা?  প্ৰভুৱে নিজৰ দুয়োখন বাহু আগবঢ়াইছে আৰু সকলো প্ৰেমেৰে কৈছে, ” পিতৃয়ে মোক যি সকলক দিছে, তেওঁলোক সকলোৱেই মোৰ ওচৰলৈ আহিব; আৰু মোৰ ওচৰলৈ অহা জনক মই কেতিয়াও বাহিৰ কৰি নিদিম.”(যোহন ৬:৩৭)

প্ৰভুৱে আধ্যাত্মিক জীৱনত টোপনি যোৱা সকলোকে, উঠিবলৈ মাতিছে.  শাস্ত্ৰই কৈছে, “হে শুই থকা লোকসকল, মৃতসকলৰ মাজৰ পৰা পুনৰুত্থান হোৱা, তেতিয়া খ্ৰীষ্টই তোমালোকক পোহৰ দিব” (ইফিচীয়া ৫:১৪).  টোপনিৰ বাবেই চিমচোনে নিজৰ শক্তি হেৰুৱাই পেলালে.  ইউটিকাচ, তৃতীয় মহলাৰ পৰা পৰি মৃত অৱস্থাত তুলি লোৱা হ’ল, গভীৰ টোপনিৰ বাবে.  ভাববাদী যোনাক টোপনিৰ পৰা জগাই তুলিলে আৰু জাহাজত থকা অনা-ইহুদীসকলে তেওঁক প্ৰাৰ্থনা কৰিবলৈ মাতিলে.  ভাববাদী এলিয়াক এজন স্বৰ্গদূতে টোপনিৰ পৰা জগাই তুলিছিল, খাদ্য ল’বলৈ আৰু শক্তি ঘূৰাই পাবলৈ.

আপুনি বহু দূৰলৈ যাব লাগিব, আৰু প্ৰভুৱে আপোনাৰ যোগেদি ডাঙৰ ডাঙৰ কাম কৰিব.  গতিকে টোপনিৰ পৰা উঠি আহক.  প্ৰভুৱেও নিজৰ কইনাক ‘উঠা’ কৰিবলৈ মাতিছে.  “মোৰ প্ৰিয়ই মোক ক’লে, “হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ.  চোৱা, শীতকাল গ’ল, বর্ষাও শেষ হৈ গুছি গ’ল.ডিমৰু গছৰ কেঁচা গুটি পকিবলৈ ধৰিছে, দ্ৰাক্ষালতাই ফুল ধৰি সুঘ্ৰাণ বিতৰণ কৰিছে. হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ.” (পৰমগীত ২:১০-১১, ১৩).

ঈশ্বৰৰ সন্তান, প্ৰভুৰ দিনৰ চিনবোৰ সকলোতে প্ৰত্যক্ষ কৰিব পৰা গ’ল.  সকলো ভৱিষ্যদ্বাণী সম্পন্ন হৈছে.  আমি সকলোৱে উঠি আমাৰ প্ৰভু যীচু – মহিমাৰ ৰজাক লগ কৰিবলৈ আগবাঢ়ি যামনে?

অধিক ধ্যান-ধাৰণৰ বাবে পদ: “উঠা, দীপ্তি দিয়া; কিয়নো তোমাৰ পোহৰ আহিছে, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে.” (যিচয়া ৬০:১)

Leave A Comment

Your Comment
All comments are held for moderation.