জুলাই 29 – সাৱধান!

“সেই কুকুৰহঁতলৈ সাৱধানে থাকিব (ফিলিপীয়া ৩:২) ।

পবিত্র শাস্ত্ৰত আপোনাৰ সুধৰনিৰ  বাবে প্ৰতিঞ্জা দিয়া হৈছে; লগতে, কাৰোবাক দৃঢ়তাৰে  ধৰি ৰখাৰ প্ৰতিঞ্জাও আছে ; সূখ প্ৰদান কৰা আশীর্বাদো আছে। সান্ত্বনাৰ প্ৰতিঞ্জাও আছে। সেয়া তাত এনেকুৱা কিছু কথা আছে যিয়ে আপোনাক সাৱধান কৰে।

উক্ত বাক্য শাৰীত, পবিত্র শাস্ত্ৰ কয়, “সেই কুকুৰহঁতলৈ সাৱধানে থাকিব”। ​ইয়াত ” কুকুৰ ” শব্দ কিছু জন্তুৰ গুনক  ইংগিত কৰে। আপোনাক মধুৰ আত্মিক বিশেষতাক প্ৰকাশ কৰিবলৈ আমন্ত্রণ কৰিছে শেষত: জন্তুৰ গুনক প্ৰকাশ নকৰক। “কুকুৰে যিদৰে নিজৰ বমি পুনৰ খায়, তেনেদৰে অজ্ঞানীয়ে পুনৰ অজ্ঞানতাৰ কাম কৰে।”( হিতোপদেশ ২৬:১১) । আপুনি কেইবাটাও পাপৰ পৰা উদ্ধাৰ প্ৰাপ্ত কৰি ললে আৰু এই পাপ পুনৰ আপোনাৰ জীবনত  আহিব নালাগে। পাপৰ সম্বন্ধে মৰা যি আমি, আমি তাত পুণৰ কেনেকৈ জীয়াই থাকিম?( ৰোমীয়া ৬:২)।

কল্পনা কৰক এটি চাগলী  আৰু এটা গাহৰী  এটা লেতেৰা নলাত পৰী গল। চাগলী যিমান সোনকালে পাৰে বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিব। কিন্তু গাহৰী সেই নলাত থকা পছন্দ কৰিব। তাৰ পৰা তাক ওলাই আনিলেও তাৰ সেই নলাতে থকা মুল লক্ষ্য হব। যি পাপৰ পৰা উদ্ধাৰ প্ৰাপ্ত হয় গল, তেওঁক পুনৰ জীবনত অনা কুকুৰৰ গুন হয়। যীশুৱে কলে, “কোনো পবিত্র বস্তু কুকুৰবোৰক নিদিবা” ( মথী ৭:৬)। পবিত্র ব্যক্তি কেতিয়াও বেয়াৰ লগত নাথাকে। আপুনি   জগত আৰু পৰমেশ্বৰ দুয়োকে একেলগে আনন্দিত কৰি জীয়াই থাকিব নোৱাৰে।

যিচয়া ভবিষ্যতবক্তা অনুভৱ কৰিছিল যে পবিত্র আছিল  । কিন্তু যেতিয়া পৰমেস্বৰৰ প্ৰকাশ তাৰ ওপৰত পৰিল তেতিয়া সি অনুভৱ কৰিলে যে পৰমেশ্বৰৰ পছন্দ নথকা বহুতো বস্তু তেওঁৰ জীবনত আছে  তেওঁ বিলাপ কৰিলে, ” মোৰ সন্তাপ হওক! কিয়নো মই দণ্ডপ্রাপ্ত হৈছোঁ, কাৰণ মই অশুচি ওঠৰ মানুহ, আৰু মই অশুচি ওঁঠৰ মানুহৰ মাজত বাস কৰিছোঁ;। পৰমেশ্বৰক সেই বেয়া গুনক যিচয়াৰ  পৰা আতৰ কৰিব লগা হল। তাৰ পাছত সেই চিৰাফসকলৰ মাজৰ এজনে যজ্ঞবেদিৰ পৰা চেপেনাৰে এটুকুৰা জ্বলি থকা আঙঠা হাতত লৈ মোৰ ওচৰলৈ উড়ি আহিল।  তেওঁ তাৰে মোৰ মুখত স্পৰ্শ কৰি তাক শুচি কৰিলে।

পৰমেস্বৰ আপনাক তেতিয়া উচ্চ কৰিব যেতিয়া আপুনি সকলো অশুচি আপোনাৰ আৰু পূৰ্ববংশৰ  পৰা বাহিৰলৈ ওলায়। পবিত্র শাস্ত্ৰ কয়, ”  এতেকে, প্ৰভুৱে কৈছে, d “তোমালোকে সিহঁতৰ মাজৰ পৰা ওলাই আহাআৰু পৃথক হোৱা, আৰু কোনো অশুচি বস্তুক নুচুবা, তাতে মই তোমালোকক গ্ৰহণ কৰিম, আৰু তোমালোকৰ পিতৃ হ’ম আৰু তোমালোকো মোৰ পো-জী হ’বা, ইয়াক সৰ্বশক্তিমান প্ৰভুৱে কৈছে”।(২ কৰন্থীয়া ৬:১৭, ১৮)। কুকুৰৰ দৰে গর্জন কৰে; নগৰৰ চাৰিওফালে ভ্ৰমণ কৰে।( গীতমালা  ৫৯:৬)।

পৰমেস্বৰৰ মৰমিয়াল সন্তান, অবাঞ্চিত শব্দ আৰু বেয়া কথা কয় নিজৰ আত্মা দুষিত নকৰক। আপুনি সদায় এনেকুৱা কথা কওক যি ইজনে সিজনৰ উন্নতিত সহায়ক হয়!

মন কৰিবলগীয়া:” যিজনে নিজৰ মুখ চম্ভালে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; কিন্তু যিজনে মুখ বহলকৈ মেলে, তেওঁৰ সৰ্ব্বনাশ হয়।” ( হিতোপদেশ ১৩:৩)।

Article by elimchurchgospel

Leave a comment