ਸਤੰਬਰ 09 –ঈস্বৰ যি সৃষ্টিকৰিতা!

“আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। ” (আদিপুস্তক ১:১)।

আমাৰ ঈস্বৰ সমষ্ট  সৃষ্টিৰ ঈস্বৰ হয়। আৰু আমি সকলো তেওঁৰ সৃষ্টিৰ ৰচনাৰ অংশ হও। আমাৰ ঈস্বৰৰ সৃষ্টিশক্তি এতিয়াও কম হোৱা নায়। তেওঁ আপোনাৰ বাবে সকলো বস্তু সঠিক ভাৱে নিৰ্মাণ কৰাত সক্ষম হয়।

পৰমেশ্বৰে নিজৰ বাক্য পঠিয়াই, সূর্য আৰু চন্দ্ৰমা  আৰু সকলো স্বৰ্গীয় সৈন্য নিৰ্মাণ কৰিলে। “ঈশ্বৰে ক’লে, “পোহৰ হওক,” তেতিয়া পোহৰ হ’ল।( আদিপুস্তক ১:৩)। তেতিয়া পৰমেশ্বৰে কলেজ, “ভূমিয়ে ঘাঁহ-বন, শস্য উৎপাদনকাৰী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন কৰক; বিভিন্ন ধৰণৰ ভিতৰত গুটি থকা ফলৰ গছ স্থলভাগৰ ওপৰত গজি উঠক।” তাতে তেনেদৰেই হ’ল; ( আদিপুস্তক ১:১১)।

কিন্তু যেতিয়া পৰমেশ্বৰে মনুষ্যক নিৰ্মাণ কৰিলে তেতিয়া তেওঁ এটি পূর্ণ ৰূপে বেলেগ পৰীক্ষা প্ৰয়োগ কৰিলে  । আদিপুস্তক ২:৭ পদত, আমি পঢ়ো  প্ৰভু পৰমেশ্বৰে মনুষ্যক মাটিৰ ধুলিৰ  পৰা নিৰ্মাণ কৰিলে। সৰ্বশক্তিমান পৰমেশ্বৰে মনুষ্যক ধুলিৰে  নিৰ্মাণ কৰিলে, আৰু তেওঁৰ নাকত স্বাস ফুকমৰাত জীবিত প্ৰানী হয় গল। সৰ্বশক্তিমান পৰমেশ্বৰ যি নিজৰ বাক্য মাধ্যমেৰে সকলো নিৰ্মাণ কৰিলে, তেওঁ ঈমাক নিজৰ প্ৰতিবিম্ব আৰু নিজৰ চবি দিলে, আৰু আমাৰ মৰমিয়াল, স্বৰ্গীয় পিতৃ হয় গল।

কিয়নো পৰমেশ্বৰ আপোনাৰ সৃষ্টি কৰ্তা হয়, তেওঁ সম্পূর্ণ ৰূপে আপোনাৰ চোৱা চিতা কৰি আছে, আপুনি যি তেওঁৰ প্ৰতিবিম্বৰে নিৰ্মিত। আপোনাক এয়া কেতিয়াও ভাবিব নালাগে যে স্বৰ্গ আৰু পৃথিবী নিৰ্মাণৰ পিছত তেওঁৰ ৰচনাত্মক শক্তি শেষ হয় গল।

তেওঁ ঈস্ৰায়েলীৰ বাবে জংঘলত  মান্নাৰ বৰষা কৰিলে। মান্না স্বৰ্গৰ স্বৰ্গদুতৰ ভোজন হয় আৰু এয়া তেওঁ নিৰ্মাণ কৰিলে আৰু নিজৰ সন্তানৰ বাবে পাঠালে। যেতিয়া তেওঁ নিজৰ মনত মাংস খোৱাৰ ইচ্ছা ৰাখিছিলে, তেতিয়া তেওঁ বটা চৰাইৰ নিৰ্মাণ কৰি ঈস্ৰায়েলীৰ চাওনীত পঠিয়াই দিলে।তেওঁ ৫টি ৰুটি আৰু দুটি মাছেৰে  ৫০০০ ঈস্ৰায়েলীৰ পেট ভৰাৰ প্ৰবন্ধ কিদৰে কৰিলে ? আৰু সেই বাচি যোৱা পিঠা আৰু মাছেৰে ১২টি টুকুৰী  কেনেকৈ পৰিপূৰ্ণ হোৱা সম্ভৱ? এই সকলোবোৰ আমাৰ প্ৰভুৰ ৰচনাত্মক শক্তিৰ কাৰনে হল।

পৰমেশ্বৰে যোনাৰ ওপৰতো দয়া কৰিলে, যি তেওঁৰ হৃদয়ত ভাঙী গৈছিল। ” পাছত ঈশ্বৰ যিহোৱাই এজোপা এৰাগছ নিৰূপণ কৰিলে আৰু যোনাই কষ্ট নাপাবলৈ তেওঁৰ গাত ছাঁ পৰিবৰ বাবে মূৰৰ ওপৰলৈকে গছ পুলিতো বঢ়ালে। সেই গছ জোপাৰ কাৰণে যোনা অতি আনন্দিত হ’ল।( যোনা ৪:৬)।

যোনা যি স্থানত আছিল, সেই স্থানত গছৰ বীজ কেনেকৈ দেখা দিলে ; আৰু গছ ইমান সোনকালে কেনেকৈ বাঢ়ি গল যে তাৰ মুৰক  চা দিয়ে আৰু তেওঁৰ দুখৰ পৰা মুক্ত কৰি দিয়া। পুনৰ, এয়া বিশুদ্ধ ৰূপে আমাৰ ঈস্বৰৰ ৰচনাত্মক শক্তিৰ কাৰনে হয়।

মন কৰিবলগীয়া:” তোমালোকৰ সৃষ্টিকর্তাই তোমালোকৰ স্বামী; তেওঁৰ নাম বাহিনীসকলৰ যিহোৱা। ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা তোমালোকৰ মুক্তিদাতা; তেওঁ সমগ্র পৃথিবীৰ ঈশ্বৰ বুলি প্রখ্যাত।”( যিচয়া ৫৪:৫)।

Article by elimchurchgospel

Leave a comment