আগস্ট 13 – প্ৰসংশাত আনন্দ!

” হে ধাৰ্মিক লোকসকল, যিহোৱাত আনন্দ-ধ্ৱনি কৰা, তেওঁৰ প্রশংসা কৰা সাধু লোকৰেই কাম। ( গীতমালা  ৩৩:১)।

যদি দুখ, ৰোগক অনা, জীবন নষ্ট কৰা আৰু বয়স কম কৰাৰ কাৰন হয়, তেন্তে আনন্দ এই সকলোৰে বাবে আদৰ্শৰ ঔষধ হয়। কিয় এনেকুৱা নহয় নে? মনৰ আনন্দৰে সকলো ৰোগ আতৰ কৰে, মুখমন্ডলত আনন্দ আনিব আৰু আয়ুস বৃদ্ধি হব।

এজন চিকিৎসক সেই ৰোগৰ খোজ কৰিল যি এজন লোকক কৰ্কট ৰোগৰ কাৰন কৰি তুলে। তেতিয়া গম পোৱা গল যে জীবনত পৰাজয়, কষ্ট, হতাশ আৰু দুখ দৰে কৰান হল এই ৰোগৰ মূল। তেওঁ এয়াও পালে যে পৰিয়ালত হঠাৎ অপ্ৰিয়তা,স্বামী স্ত্রীর বিশ্বাস ঘাত কাৰ্য্য, ব্যৱসায়িক উপক্রমত অধিক লোকচান আদিৰ বাবে হোৱা হতাশ যিকোনো লোকৰে ভিতৰত ভায়ৰাচ  উৎপন্ন কৰে  আৰু ৬ পৰা ১৮ মাহৰ ৰোগৰ ভিতৰত, ভায়ৰাচ কৰ্কট ৰোগত পৰিণত হয় যায়।

সত্য আনন্দ নৃত্য গীতেৰে কৰা স্তুতিত  আছে। যেতিয়া আপুনি হৃদয়েৰ গভীৰতাৰে পৰমেশ্বৰৰ স্তুতি কৰি আনন্দিত হয়, তেন্তে আপোনাৰ সকলো চিন্তা আপোনাৰ পৰা আতৰ হয় যাব আৰু পৰমেশ্বৰৰ মধুৰ উপস্থিতি আপোনাক আৱৰি লব। যাৰ কিৰণ সুস্থতাদায়ক;”( মলাখী ৪:২)। কিয় এনেকুৱা নহয় নে?

পুৱা সোনকালে উঠি সুখ আৰু আনন্দৰ সৈতে পৰমেশ্বৰৰ হৃদয়েৰে  স্তুতি কৰক। যি প্ৰশংসাৰ মাজৰ বিৰাজমান, তেওঁ আপোনাক নিজৰ উপস্থিত মাজত পৰিপূৰ্ণ কৰি দিব। সদায় নিজৰ মাত ডাঙৰ কৰি কওক  , ” এয়ে সেই দিন, যি দিন যিহোৱাই নিৰূপণ কৰিলে; আহাঁ, আমি এই দিনত আনন্দ কৰোঁ আৰু উল্লাস কৰোঁ।( গীতমালা ১১৮:২৪)।  যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি সম্পূর্ণ দিন আনন্দিত থাকিব।

হাহি থকা মুখমণ্ডলৰ সৈতে আনন্দৰে  পৰমেশ্বৰৰ আৰাধনা কৰক আৰু নৃত্য গীত গায় তেওঁৰ স্তুতি কৰক। পবিত্র শাস্ত্র কয়, “তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল, আমাৰ জিভা আনন্দ-গানেৰে পৰিপূৰ্ণ হ’ল; আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে, “যিহোৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কার্য কৰিলে।” ( গীতমালা ১২৬:২)।

পুনৰ তেওঁ কলে, ” তেতিয়া নহিমিয়াই তেওঁলোকক ক’লে, “যাওক, চৰ্বি জাতীয় বস্তু ভোজন কৰক, আৰু মিঠা ৰস পান কৰক, আৰু যাৰ প্ৰস্তুত কৰা একো বস্তু নাই, তেওঁলোকৰ কাৰণে কিছু আহাৰ পঠাই দিয়ক। কিয়নো আজি আমাৰ প্ৰভুৰ উদ্দেশ্যে পবিত্ৰ দিন। আপোনালোকে দুখ নকৰিব; কাৰণ যিহোৱাত যি আনন্দ সেয়ে আপোনালোকৰ শক্তি।”  (নহিমিয়া ৮:১০)। তেন্তে বিস্বাস কৰক যীশু খ্রীষ্ট যি শক্তি হয় তেওঁ আপোনাৰ হাত ধৰি ৰাখিছে। সম্পূর্ণ আনন্দৰ সৈতে বাৰে-বাৰে কওক, ” মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে। (ফিলিপিয়া  ৪:১৩)।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, নিজৰ হাত তুলি পৰমেশ্বৰৰ স্তুতি কৰক। “তোমালোকে পবিত্ৰ স্থানৰ ফাললৈ নিজৰ নিজৰ হাত তুলি যিহোৱাৰ ধন্যবাদ কৰা  ( গীতমালা ১৩৪:২)। এয়াই সুখৰ পথ হয়। পৰমেশ্বৰ আপোনাক পছন্দ কৰে আৰু  আশা কৰে যে আপুনি সদায় পৰমেশ্বৰত আনন্দিত থাকক।

মন কৰিবলগীয়া:” হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা; উচ্চ ধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা।” ( গীতমালা ৯৮:৪)।

Article by elimchurchgospel

Leave a comment